চিটাৰা ডেস্ক, 27 ডিচেম্বৰ : চলমানৰে সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত বিকী কৌশলৰে বিয়াত বহে কেটৰিণা ৷ আজি চলমানৰ 56 বছৰীয়া জন্মদিনত নিজৰ ইন্ষ্টাগ্ৰামত চলমানৰ ফটোৰ সৈতে এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰে কেটৰিণাই (Katrina's Birthday Wish to Salman) ৷
নিজৰ বিয়ালৈ চলমানক নমতাকলৈ বহুতে কেটৰিণা আৰু চলমানৰ মাজত সম্পৰ্কৰ এনাজৰীডাল একেবাৰে শেষ হৈ গৈছে বুলি অনুমান কৰি লৈছিল ৷ কিন্তু এই সকলোবোৰ তল পেলাই আজি কেটৰিণাই জন্মদিনৰ শুভেচ্ছাৰে প্ৰমাণ কৰি দিলে যে ‘Lovers can be friends too’ ৷
লগতে পঢ়ক: Salman Khan bitten by Snake: অভিনেতা ছলমান খানক দংশন কৰিলে সাপে