ETV Bharat / sitara

একেখন স্ক্ৰীণতে দেখা যাব কাৰ্তিক-তৃপ্তিৰ যুটিক

author img

By

Published : Apr 14, 2021, 7:53 PM IST

বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ন আৰু বুলবুল খ্যাত তৃপ্তি ডিমৰীয়ে কৰণ জোহৰৰ আগন্তুক ছবিত অভিনয় কৰাৰ গুজৱ চলিছে । শৰণ শৰ্মাৰ নিৰ্দেশিত ছবিখনত দুয়োকে একেখন স্ক্ৰীণতে দেখা পোৱা যাব বুলি চৰ্চা চলিছে । আনহাতে, কৰণ জোহৰে টুইটযোগে স্পষ্ট কৰিছে ছবিখনৰ কাষ্টিঙৰ বিষয়ে ।

একেখন স্ক্ৰীণতে দেখা পোৱা যাব কাৰ্তিক-তৃপ্তিৰ যুটিক

চিটাৰা ডেস্ক,১৪ এপ্ৰিল: শৰণ শৰ্মা নিৰ্দেশিত ছবিত বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ন আৰু তৃপ্তি ডিমৰীয়ে অভিনয় কৰাৰ চৰ্চা অব্যাহত থকাৰ সময়তে কৰণ জোহৰে এই সন্দৰ্ভত টুইট কৰি মতামত প্ৰকাশ কৰিছে । ছবিখনৰ বিষয়ে এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই ৷ বিভিন্ন টেবলইডে কাৰ্তিক আৰু তৃপ্তিয়ে ছবিখনৰ বাবে চুক্তিবদ্ধ হোৱা বুলি বাতৰি প্ৰকাশ কৰি আহিছে । এই সকলোবোৰ কথা স্পষ্ট কৰিবলৈ ছ'চিয়েল মিডিয়াৰ সহায় লৈছে কৰণ জোহৰে ।

মঙলবাৰে কৰণ জোহৰে টুইটযোগে স্পষ্ট কৰি দিয়ে যে, ছবিখনৰ কাষ্টিং এতিয়াও চূড়ান্ত হোৱা নাই আৰু ছবিখন এতিয়াও প্ৰি-প্ৰডাকচন পৰ্যায়ত আছে । তেওঁ কয় যে, কেৱল চিত্ৰনাট্যহে চূড়ান্ত কৰা হৈছে । লগতে সকলোকে তেওঁ ছবিখনৰ আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰিবলৈও আহ্বান জনায় ।

  • There have been lots of speculations and conjectures on The casting of Sharan Sharma’s next film for @DharmaMovies... just want to specify that the cast of the film hasn’t been locked as the screenplay is being finalised as we speak.... please wait for an official announcement.

    — Karan Johar (@karanjohar) April 13, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক: ছবিগৃহলৈ আহি আছে দ্বি-ভাষিক অসমীয়া ছবি ‘কামাণ্ডো’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.