ETV Bharat / sitara

ধনুষ-ছাই পল্লৱীৰ 'ৰাউডী বেবী' শীৰ্ষক গীতত নৃ্ত্য কাৰ্তিক আৰিয়নৰ

author img

By

Published : Aug 10, 2021, 9:47 PM IST

দক্ষিণ ভাৰতীয় ছবিৰ গীতৰ তালে তালে বলীউড অভিনেতা কাৰ্তিক আৰিয়নৰ নৃত্য । কাৰ্তিকক সংগ দিছে কৰিঅ'গ্ৰাফাৰ শাজিয়া ছামজি আৰু পীযুষ ভগতে । মঙলবাৰে অভিনেতাগৰাকী এই নৃত্যৰ ভিডিঅ' শ্বেয়াৰ কৰে ইনষ্টাগ্ৰামত । কিন্তু কোন ছবিৰ গীতত নৃত্য কৰিলে কাৰ্তিকে ?

Kartik Aaryan grooves to Dhanush-Sai Pallavi's chartbuster Rowdy Baby
ধনুষ-ছাই পল্লৱীৰ 'ৰাউডী বেবী' শীৰ্ষক গীতত নৃ্ত্য কাৰ্তিক আৰিয়নৰ

চিটাৰা ডেস্ক, ১০ আগষ্ট : তেলেগু অভিনেতা আল্লু অৰ্জুন(Allu Arjun) আৰু পূজা হেগড়ে(Pooja Hegde)ৰ বুট্টা ব'ম্মা শীৰ্ষক গীতত নৃত্য কৰাৰ পিছত এইবাৰ আন এখন জনপ্ৰিয় দক্ষিণ ভাৰতীয় ছবিৰ গীতত নৃত্য কৰিলে বলীউড অভিনেতা কাৰ্তিক আৰিয়নে । এইবাৰ, তামিল চুপাৰষ্টাৰ ধনুষ আৰু অভিনেত্ৰী ছাই পল্লৱী অভিনীত ছবি 'মাৰি-২'ৰ 'ৰাউডী বেবী' শীৰ্ষক গীতটিত নৃ্ত্য কৰা দেখা গৈছে কাৰ্তিকক ।

২০১৮ চনত 'মাৰি-২'(Maari-2) ছবিখনে মুক্তি লাভ কৰিছিল । মঙলবাৰে কাৰ্তিকে 'ৰাউডী বেবী'(ROWDY BABY) শীৰ্ষক গীতটিত নৃ্ত্য কৰা এটা ভিডিঅ' ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰে । কৰিঅ'গ্ৰাফাৰ শাজিয়া ছামজি আৰু পীযুষ ভগতকো কাৰ্তিকৰ সৈতে ভিডিঅ'টোত দেখা পোৱা গৈছে ।

ইতিমধ্যে ইউ টিউবত ১.২ বিলিয়নতকৈও অধিক লোকে উপভোগ কৰিছে এই ভিডিঅ'টো । কাৰ্তিকৰ নৃত্য দক্ষতাক ইনষ্টাগ্ৰামত কিয়াৰা আদৱানী, মৌনী ৰয়, ফাৰাহ খান আদিৰ দৰে চেলিব্ৰেটীয়ে প্ৰশংসা কৰিছে । আনহাতে ছবি নিৰ্মাণৰ কামৰ বিষয়ে ক'বলৈ গ'লে, কাৰ্তিক বৰ্তমান ৰোমাণ্টিক থ্ৰিলাৰ ছবি 'ফ্ৰেডী'ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে ।

শশাংক ঘোষৰ দ্বাৰা পৰিচালিত এই ছবিখন জয় শ্বেৱাক্ৰামনিৰ সহযোগত একতা কাপুৰৰ প্ৰডাকছন হাউচৰ বেনাৰত নিৰ্মাণ কৰা হৈছে । অভিনেতাজনক ভৌতিক-কৌতুকধৰ্মী ছবি 'ভুল ভুলিয়া ২', আৰু 'ধামাকা' শীৰ্ষক ডিজিটেল ছবি দেখা পোৱা যাব ।

'দোস্তানা-২'ৰ পৰা বিদায় লোৱাক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰা অভিনেতাগৰাকীক শেহতীয়াকৈ ছবি নিৰ্মাতা হঞ্চল মেহতাৰ ছবি 'কেপ্টেইন ইণ্ডিয়া'ৰ বাবে চুক্তিবদ্ধ কৰা হৈছে । সমীৰ বিদৱানছৰ এখন ছবিৰ বাবেও চুক্তিবদ্ধ হৈছে কাৰ্তিক । ছবিখনৰ নাম প্ৰথমে সত্যনাৰায়ণ ৰখা হৈছিল যদিও এতিয়া ছবি নাম সলনি কৰা হ'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : গ্ৰেপ্তাৰ হ’ব নেকি অভিনেত্ৰী শিল্পা চেট্টী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.