ETV Bharat / sitara

পৰিয়ালৰ সৈতে সাপ্তাহিক বন্ধৰ আনন্দ লৈছে কৰীণা কাপুৰে

কৰীণা কাপুৰ খান আৰু ছেইফ আলী খানৰ প্ৰথম পুত্ৰ টাইমুৰ আলী খানৰ চৌদিশে সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ হৈ থকাৰ সময়তে কৰীণা-ছেইফৰ দ্বিতীয় পুত্ৰৰ চেহেৰা ৰাজহুৱাক কৰাক লৈ অতি সতৰ্কতা অৱলম্বন কৰিছে কৰীণাই ৷ শেহতীয়া এক ইনষ্টাগ্ৰাম প’ষ্টত দ্বিতীয় পুত্ৰৰ মুখমণ্ডল ৰাজহুৱা নকৰি ঢাকি ৰাখি ফটোখন শ্বেয়াৰ কৰিছে কৰীণাই ৷

author img

By

Published : Apr 16, 2021, 2:14 PM IST

Kareena Kapoor shared a photo
কৰীণা কাপুৰৰ ফটো শ্বেয়াৰ

চিটাৰা ডেস্ক,16 এপ্ৰিল : বলীউড তাৰকা কৰীণা কাপুৰ খানে শুকুৰবাৰে ইনষ্টাগ্ৰামযোগে স্বামী ছেইফ আলী খানৰ সৈতে দুই পুত্ৰৰ এখন ফটো শ্বেয়াৰ কৰিছে ৷ ফটোখনত ছেইফ আৰু টাইমুৰে দ্বিতীয়টো পুত্ৰ সন্তানলৈ এক আবেগেৰে চাই আছে ৷ কিন্তু লক্ষণীয় কথাটো হ’ল যে, ফটোখনত দ্বিতীয় পুত্ৰ সন্তানৰ মুখমণ্ডল ঢাকি ৰখা হৈছে ৷

কেপচনত কৰীণাই লিখিছে, "This is what my weekend looks like... how about you guys? ❤️." অৰ্থাৎ কৰীণাৰ সাপ্তাহিক বন্ধৰ দিনটো এনেদৰেই পৰিয়ালৰ সৈতে পাৰ হয় ৷

এই অন্তৰংগ মূহুৰ্তৰ ফটোখনত ছেইফৰ ভনীয়েক চাবা আলী খানেও কমেণ্টৰ জৰিয়তে মৰম প্ৰেৰম কৰা পৰিলক্ষিত হৈছে ৷ কমেণ্টত তেওঁ লিখিছে "❤️ Mahshallah. Stay safe and have a beautiful weekend Bhabs 🤗😘."

লগতে পঢ়ক : নতুন অসমীয়া ছবি "গংগা"ৰ ট্ৰীজাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.