চিটাৰা ডেস্ক,5 আগষ্টঃ সুশান্তৰ মৃত্যুৰ পিছৰে পৰা অভিনেত্ৰী কংগনা ৰাণাৱত বলীউডৰ নেপ'টিজম অৰ্থাৎ ভাই-ভতীজাবাদক লৈ যথেষ্ট সৰৱ হৈ উঠিছে ৷ তেওঁৰ টাৰ্গেটলৈ আহিছে বলীউডৰ বহুকেইগৰাকী প্ৰসিদ্ধ লোক ৷ শেহতীয়াকৈ কংগনাৰ টাৰ্গেট হৈ পৰিল অভিনেত্ৰী কৰীণা কাপুৰ ৷
দৰাচলতে, বিগত কিছুদিন পূৰ্বে এটা এন্টাৰটেইনমেন্ট ৱেবচাইট প্ৰকাশিত এটা খবৰ অনুসৰি কৰীণাই শেহতীয়াকৈ এটা সাক্ষাৎকাৰ যোগে কৈছিল যে,"21টা বছৰ বলীউডত কেৱল নেপ'টিজমৰ বাবে টিকি থকা নাই আৰু হয় এইটো সম্ভৱো নহয় ৷ কাৰণ মই সেইসকল চুপাৰষ্টাৰৰ সন্তানৰ এখন দীঘল তালিকা বনাব পাৰো ,যিসকলে এইটো কৰিব পৰা নাছিল ৷ "
-
Yes Kareena ji, audience has made you all rich and famous but they didn’t know after getting undeserving success you all will turn Bollywood in to Bullywood, please explain
— Team Kangana Ranaut (@KanganaTeam) August 4, 2020 " class="align-text-top noRightClick twitterSection" data="
1) Why your best friend asked Kangana to leave the industry?..(1/3)
https://t.co/GSrwjcLqxF
">Yes Kareena ji, audience has made you all rich and famous but they didn’t know after getting undeserving success you all will turn Bollywood in to Bullywood, please explain
— Team Kangana Ranaut (@KanganaTeam) August 4, 2020
1) Why your best friend asked Kangana to leave the industry?..(1/3)
https://t.co/GSrwjcLqxFYes Kareena ji, audience has made you all rich and famous but they didn’t know after getting undeserving success you all will turn Bollywood in to Bullywood, please explain
— Team Kangana Ranaut (@KanganaTeam) August 4, 2020
1) Why your best friend asked Kangana to leave the industry?..(1/3)
https://t.co/GSrwjcLqxF
কৰীণাই কয় যে, কাপুৰ পৰিয়ালৰ পৰা অহাৰ বাবে তেওঁ প্ৰাথমিকতা লাভ কৰিছিল কিন্তু ইমানৰ পাছতো নিজকে প্ৰমাণ কৰিবৰ বাবে তেওঁ বহুত কষ্ট কৰিছে ৷ তেওঁ নাভাৱে যে, তেওঁ এতিয়ালৈকে যি পাইছে সেয়া কেৱল কাপুৰ পৰিয়ালৰ টেগৰ বাবে পাইছে ৷
ইয়াৰ লগতে তেওঁ কয়, "এয়া অদ্ভুত লাগিব পাৰে কিন্তু মোৰ সেয়াই সংঘৰ্ষ আছিল ৷ মোৰ সংঘৰ্ষ আপোনাৰ ইমান হৃদয়স্পৰ্শী নালাগিব পাৰে যিমান সেইসকল ষ্ট্ৰাগলকাৰীৰ বাবে লাগিব, যি সকলে হাতত 10 টকালৈ মুম্বাইলৈ আহিছে ৷ হয় ,মই সেইটো কষ্ট কৰি পোৱা নাই কিন্তু ইয়াৰ বাবে মই দুখ কৰি থাকিব নোৱাৰো ৷"
ইফালে কংগনা ৰাণাৱতে ,টীম কংগনা একাউন্টৰ পৰা কৰীণাৰ ইন্টাৰভিউৰ লিংকটো শ্বেয়াৰ কৰি লিখে," আপোনালোক সকলোকে দৰ্শকে প্ৰতিপত্তিশীল আৰু জনপ্ৰিয় কৰি তুলিলে, কিন্তু তেওঁলোকে নাজানিছিল যে আশাতকৈ বেছি সফলতাই বলীউডক বুলীউড কৰি তুলিব পাৰে ৷ কৃপা কৰি এই প্ৰশ্ন সমূহৰ উত্তৰ দিয়ক ৷"
1.আপোনাৰ বেষ্ট ফ্ৰেণ্ডে কংগনাক বলীউড এৰিবলৈ কিয় কৈছিল ?
2. কিয় সুশান্তক ডাঙৰ প্ৰডাকচন হাউচে বেন কৰিছিল ?
3. কিয় তেওঁ কংগনাক ডাইনী আৰু সুশান্তক ৰেপিষ্ট কৈছিল ?
4. আপোনাৰ ইক' চিষ্টেমটোৱে কিয় কংগনা আৰু সুশান্তক বায়প'লাৰ আখ্যা দিছিল ?
5.কিয় আপোনাৰ বন্ধু নেপ' কিডে বিয়াৰ প্ৰতিশ্ৰুতি কৰাৰ পিছতো তেওঁৰ ওপৰত অপৰাধমূলক গোচৰ দাখিল কৰিছিল ?
6.কিয় কংগনা আৰু সুশান্তক ইণ্ডাষ্ট্ৰীত পৃথক কৰি পেলোৱা হ'ল ? তেওঁলোকক কিয় কোনো পাৰ্টীত মতা নহ'ল ? তেওঁলোকৰ ছবি মুক্তি আৰু জন্মদিনত কিয় শুভকামনা দিয়া নহয় ?
এনেদৰে কংগনাই অভিনেত্ৰী কৰীণা কাপুৰলৈ প্ৰশ্ন প্ৰক্ষেপ কৰে ছ'চিয়েল মিডিয়া যোগে ৷
লগতে পঢ়কঃকেন্দ্ৰৰ ঘোষণা : সুশান্তৰ মৃত্যু সন্দৰ্ভত হ'ব চি.বি.আই তদন্ত