চিটাৰা ডেস্ক, ১ মে': ডিজিটেল প্লেটফৰ্মত প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিব বলীউড অভিনেত্ৰী কংগনা ৰাণাৱট । আগন্তুক ছবি "টিকু ৱেডচ শ্বেৰু"ৰ জৰিয়তে তেওঁ ডিজিটেল প্লেটফৰ্মত প্ৰযোজকৰ ৰূপত খোজ পোলাবলৈ সাজু হৈছে । কংগনাৰ প্ৰডাকছন হাউচ মণিকৰ্ণিকা ফিল্মছে "টিকু ৱেডচ শ্বেৰু" ছবিখন নিৰ্মাণ কৰিব ।
শনিবাৰে কংগনাৰ প্ৰডাকছন হাউচ মণিকৰ্ণিকা ফিল্মছৰ ল'গ' উদ্বোধন কৰা হয় । "টিকু ৱেডচ শ্বেৰু"ৰ ছবিখন হৈছে ৰোমাণ্টিক আৰু হাস্যৰসধৰ্মী । এই সন্দৰ্ভত কংগনাই কয় যে, ডিজিটেল প্লেটফৰ্মত অধিক আকৰ্ষণীয় ৰূপত আত্মপ্ৰকাশ কৰাৰ লগতে নতুন সমলৰ ওপৰত ভিত্তি কৰি কাম কৰিব ।
লগতে প্ৰতিভাসম্পন্ন নতুন কলা-কুশলীক সুযোগ দিব আৰু নতুন ধাৰণাক নাট্যৰূপ দিয়াৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে । তেওঁ লগতে কয় যে, বৰ্তমান ছবিগৃহত গৈ ছবি উপভোগ কৰা দৰ্শৰ তুলনাত ডিজিটেল প্লেটফৰ্মত দৰ্শকৰ সংখ্যা বেছি । মুঠতে ডিজিটেল প্লেটফৰ্মত খোজ পেলাবলৈ সাজু হৈছে কংগনা ।