চিটাৰা ডেস্ক, ২১ জানুৱাৰী: সম্প্ৰতি প্ৰায়ে বিতৰ্কৰ আওতাত সোমাই পৰা বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে মানহানি গোচৰ বিশিষ্ট লেখক, গীতিকাৰ জাৱেদ আখতাৰৰ । উক্ত গোচৰৰ ভিত্তিত বুধবাৰে অভিনেত্ৰীগৰাকীলৈ চমন মুম্বাই আৰক্ষীৰ । শুকুৰবাৰে জুহু আৰক্ষী থানাত উপস্থিত হ'ব লাগিব কংগনা ।
উল্লেখ্য যে, বিগত বৰ্ষৰ নৱেম্বৰ মাহত এটা টেলিভিশ্যন চেনেলৰ সাক্ষাৎকাৰত কংগনাই জাৱেদ আখতাৰৰ বিৰুদ্ধে অপমানজনক আৰু ভিত্তিহীন মন্তব্য় কৰিছিল । তাৰ পাচতে আখতাৰে কংগনাৰ বিৰুদ্ধে আন্ধেৰী মহানগৰ দণ্ডাধীশৰ কাৰ্যালয়ত মানহানি গোচৰ তৰে । সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাচত কংগনাই বলিউডৰ একাংশ শিল্পীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি অহাত জাৱেদ আখতাৰৰ বিৰুদ্ধেও অপমানজনক মন্তব্য় কৰিছিল ।
উক্ত গোচৰত উল্লেখিত অনুসৰি, কংগনাই দাবী কৰিছিল যে আখতাৰে কংগনাক অভিনেতা ঋত্বিক ৰোশ্যনৰে সম্পৰ্কৰ বিষয়ে মনে মনে থাকিবলৈ ধমকি দিছিল । কিন্তু সেয়া সমূলি মিছা বুলি গোচৰত উল্লেখ কৰে আখতাৰে ।
ঘটনা সন্দৰ্ভত আদালতে ১৭ জানুৱাৰীত মুম্বাই আৰক্ষীক মানহানি গোচৰৰ অনুসন্ধান চলাই গোচৰ ৰুজু কৰিবলৈ ১ ফেব্ৰুৱাৰীলৈ সময় নিৰ্ধাৰণ কৰি দিয়ে ।
লগতে পঢ়ক:কিয় প্ৰথম প্ৰেয়সীৰ সৈতে সম্পৰ্ক বিচ্ছেদ হৈছিল অক্ষয় কুমাৰৰ ?