ETV Bharat / sitara

কংগনা আৰু ৰংগোলীলৈ পুনৰ চমন জাৰি মুম্বাই আৰক্ষীৰ - 23 নৱেম্বৰত আৰক্ষীৰ সন্মুখত হাজিৰ হ'বৰ বাবে নিৰ্দেশ

পুনৰবাৰ মুম্বাই আৰক্ষীৰ চমন জাৰি বলিউদৰ অভিনেত্ৰী কংগনা ৰানাৱট আৰু ভগ্নী ৰংগোলী চান্দেললৈ ৷ 23 নৱেম্বৰত আৰক্ষীৰ সন্মুখত হাজিৰ হ'বৰ বাবে নিৰ্দেশ দুই ভগ্নীক ৷

মুম্বাই আৰক্ষী
কংগনা আৰু ৰংগোলীলৈ পুনৰ চমন জাৰি
author img

By

Published : Nov 18, 2020, 2:21 PM IST

ছিটাৰা ডেস্ক, 18 নৱেম্বৰ : বুধবাৰে মুম্বাই আৰক্ষীয়ে পুনৰবাৰ চমন জাৰি কৰিছে বলিউদৰ অভিনেত্ৰী কংগনা ৰানাৱট আৰু ভগ্নী ৰংগোলী চান্দেললৈ ৷ 23 নৱেম্বৰত আৰক্ষীৰ সন্মুখত হাজিৰ হ'বৰ বাবে নিৰ্দেশ দিয়া হৈছে দুই ভগ্নীক ৷ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ লক্ষ্যৰে চ'ছিয়েল মিডিয়াৰ জৰিয়তে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত দুয়োগৰাকী ভগ্নীকে আদালতত হাজিৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে ৷ উল্লেখ্য যে, মুম্বাই আৰক্ষীয়ে তৃতীয়বাৰৰ বাবে বান্দ্ৰা আৰক্ষীৰ সন্মুখত হাজিৰ হ'বৰ বাবে কংগনা আৰু ৰংগোলীক চমন জাৰি কৰিছে ৷

কংগনাই পূৰ্বে আৰক্ষীক জনাইছিল যে, তেওঁ আত্মীয়ৰ বিবাহৰ বাবে ব্যস্ত থাকিব আৰু 15 নৱেম্বৰৰ পাচতহে উপলব্ধ হ'ব ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে কংগনা আৰু ৰংগোলীক 3 নৱেম্বৰৰ দিনা দ্বিতীয়বাৰৰ বাবে চমন জাৰি কৰিছিল আৰু 10 নৱেম্বৰত আৰক্ষীৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল ৷

21 অক্টোবৰত বান্দ্ৰা আৰক্ষীয়ে কংগনা আৰু তেওঁৰ ভগ্নীক এই গোচৰত জবানবন্দী সংগ্ৰহৰ বাবে এক জাননী জাৰি কৰিছিল ৷ ৰানাৱটৰ অধিবক্তাই আৰক্ষীলৈ এক প্ৰত্যুত্তৰ দি জনাইছিল যে, কংগনা হিমাচল প্ৰদেশত আত্মীয়ৰ বিবাহৰ বাবে ব্যস্ত হৈ আছে ৷

ৰানাৱট আৰু তেওঁৰ ভগ্নী ৰংগোলীৰ টুইট আৰু অন্যান্য বিবৃতিৰ ওপৰত ভিত্তি কৰি বলিউদৰ কাষ্টিং ডাৰেক্টৰ আৰু ফিটনেছ ট্ৰেইনাৰ মুনাৱাৰ আলি ছৈয়দে এক গোচৰ ৰুজু কৰিছিল ৷ সেই গোচৰৰ ভিত্তিত বিগত মাহত বান্দ্ৰা মেট্ৰ' পলিটান মেজিষ্ট্ৰেট আদালতে আৰক্ষীক এই বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল ৷

বান্দ্ৰা আৰক্ষীয়ে ৰানাৱট আৰু ভগ্নীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডাবিধিৰ 153-A, 295-A, 124-A আৰু 34 ৰ অধীনত এক গোচৰ ৰুজু কৰিছিল আৰু আৰক্ষীৰ সন্মুখত হাজিৰ হ'বৰ বাবে দুয়ো ভগ্নীকে নিৰ্দেশ দিছিল ৷

লগতে চাওক : স্বামী ৰিতেশৰ সৈতে পুনৰ কাম কৰাৰ উৎসুকতা প্ৰকাশ জেনেলিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.