ETV Bharat / sitara

সংবাদ গোষ্ঠীৰ বিৰুদ্ধে বলীউড তাৰকাৰ গোচৰক লৈ অসন্তুষ্ট কংগনা

author img

By

Published : Oct 13, 2020, 2:10 PM IST

সুশান্ত সিং ৰাজপুতৰ মৃত্যৰ ঘটনাক লৈ বলীউড তাৰকাক ভিত্তীহীনভাৱে অপবাদ জাপি দিয়াৰ অভিযোগ উত্থাপন কৰি ন্যয়ালয়ৰ দ্বাৰস্থ হ'ল বলীউডৰ কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী। দিল্লী উচ্চ ন্যায়ালয়ত কেইবাটাও সংবাদ গোষ্ঠীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰী কংগনা ৰাণাৱটে। বাতৰি প্ৰকাশ কৰাত সংবাদ মাধ্যমৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু এই ক্ষেত্ৰত বলীউড তাৰকাৰ হস্তক্ষেপক বাধা দিয়াৰ দাবী জনায় কংগনাই।

Breaking News

চিটাৰা ডেস্ক, ১৩ অক্টোবৰ: বলীউড ছবিজগতক লৈ অপপ্ৰচাৰ চলোৱাৰ অভিযোগত একাংশ সংবাদ গোষ্ঠীৰ বিৰুদ্ধে বলীউড তাৰকাই গোচৰ ৰুজু কৰাক লৈ মুঠেও সুখী নহয় অভিনেত্ৰী কংগনা ৰাণাৱট। কংগনাই টুইটযোগে এইসকল বলীউড তাৰকাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আৰু শীঘ্ৰেই তেওঁলোকৰ মুখা খুলিব বুলিও ধমক দিছে।

টুইটত কংগনাই লিখিছে, 'ছবি উদ্যোগত এখন অলিখিত আইন আছে আৰু সেই আইন মতে, বিশ্বাসৰ ভিত্তিত আপুনি মোৰ লেতেৰা ৰহস্য লুকুওৱাক আৰু মই আপোনাৰ বিষয়তো মুখ বন্ধ ৰাখিম। জন্ম হোৱাৰে পৰা মাত্ৰ কেইজনমান এনে পুৰুষ দেখি আহিছো যি বলীউডৰ নামী-দামী লোকৰ সন্তান হোৱাৰ বাবেই ছবিজগতত শীৰ্ষস্থানত থাকি কাম কৰাৰ সুযোগ পাইছে। এয়া কেতিয়া সলনি হ'ব?'

অভিনেত্ৰীগৰাকীয়ে টুইটত প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ কথা উল্লেখ কৰি কয় যে, 'বলীউডৰ আগশাৰীৰ তাৰকাই কেৱল মহিলাক কাম কৰাৰ পৰা বঞ্চিত নকৰে, যুৱ অভিনেতাকো শোষণ কৰি আহিছে। সুশান্তৰ দৰে এগৰাকী সুদক্ষ অভিনেতাক প্ৰতিভা বিকাশৰ সুযোগ নিদিলে। চকুৰ সন্মুখতে অন্যায় হৈ থকা দেখিও এইসকল তাৰকা কেতিয়াও আনৰ বিপদত সহায় নকৰে।'

ইয়াৰ পিছতে হিন্দী ভাষাত নিজৰ মত প্ৰকাশ কৰি কংগনাই লিখিছে, 'বলীউডৰ দুৰ্গন্ধময় নলাৰ বোকাৰে লুতুৰি-পুতুৰি হৈ থকা লোকসকল, সমগ্ৰ দেশবাসীৰ আগত অপমান কৰিলে কেনেকুৱা অনুভৱ হয় তাৰ এতিয়া উমান পাইছা? ইচ্ছাকৃত ভাৱে এজনক লক্ষ্য কৰি লোৱা হয়। অপমানবোধ কৰোৱা হয়, একাশৰীয়া কৰা হয়। এতিয়া নিজে এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছত তোমালোকৰ আন ঠাইলৈ পলায়ন কৰবলৈ মন যোৱা নাইনে?' কেৱল এয়াই নহয় বলীউড তাৰকালৈ আক্ৰমণাত্মক মন্তব্য কৰি কংগনাই তেওঁলোকক দলবান্ধি থকা শিয়াল আখ্যাও দিয়ে।

সুশান্ত সিং ৰাজপুতৰ মৃত্যৰ ঘটনাক লৈ বলীউড তাৰকাক ভিত্তীহীনভাৱে অপবাদ জাপি দিয়াৰ অভিযোগ উত্থাপন কৰি কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত মানহানিৰ গোচৰ ৰুজু কৰাক লৈ এইদৰে টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰী কংগনা ৰাণাৱটে। বলীউড তাৰকাৰ বিৰুদ্ধে সংবাদ মাধ্যমত প্ৰচাৰিত হোৱা সকলো অপপ্ৰচাৰৰ বাতৰি কেব'ল টি ভি নেটৱ'ৰ্ক অধিনিয়ম ১৯৯৪ৰ অধীনত উভতাই ল'বলৈ দাবী জনাই গোচৰ ৰুজু কৰিছে একাংশ বলীউড তাৰকাই।

বলীউডৰ ৩৪টা ছবি নিৰ্মাণকাৰী গোষ্ঠীয়ে এই আবেদন জনাইছে দিল্লী উচ্চ ন্যায়ালয়ত। এওঁলোকৰ ভিতৰত আছে, আমিৰ খান ছবি নিৰ্মাণকাৰী গোষ্ঠী, এড লেবছ ফিল্মছ, অজয় দেৱগন ফিল্মছ, আন্দোলন ফিল্মছ, অনিল কাপুৰ ফিল্ম এণ্ড কমিউনিকেশ্যন নেটৱ'ৰ্ক, আৰবাজ খান প্ৰডাক্সন, আশুতোষ গোৱাৰিকাৰ প্ৰডাক্সন, বি এচ কে নেটৱ'ৰ্ক এণ্ড এণ্টাৰটেইনমেণ্ট, কেপ অৱ গুড ফিল্মছ, ক্লীন শ্লেট ফিল্মছ, ধৰ্মা প্ৰডাক্সন, ইম্মায় এণ্টাৰটেইনমেণ্ট এণ্ড মোশ্যন পিকচাৰ, এক্সেল এণ্টাৰটেইনমেণ্ট, ফিল্মক্ৰাফ্ট প্ৰডাক্সন, হ'প প্ৰডাক্সন, কবিৰ খান ফিল্মছ, লাভ ফিল্মছ, মেক গাফিন পিকচাৰছ, নডিয়াডৱালা গ্ৰেণ্ডচন এণ্টাৰটেইনমেণ্ট, ৱান ইণ্ডিয়া ষ্ট'ৰিজ, আ এছ এণ্টাৰটেইনমেণ্ট, ৰাকেশ ওমপ্ৰকাশ মেহৰা পিকচাৰছ, ৰেড চিল্লীজ এণ্টাৰটেইনমেণ্ট, ৰিলায়েন্স বিগ এণ্টাৰটেইনমেণ্ট, ৰীল লাইফ প্ৰডাক্সন, ৰোহিত ছেট্টী পিকচাৰছ, ৰয় কাপুৰ প্ৰডাক্সন, ছলমান খান ভেন্সাৰছ, ছ'হেইল খান প্ৰডাক্সন, শিক্ষ্যা এণ্টাৰটেইনমেণ্ট, টাইগাৰ বেবী ডিজিটেল, বিনোদ চৌপ্ৰা ফিল্মছ, বিশাল ভৰদ্বাজ ফিল্মছ আৰু যশ ৰাজ ফিল্মছ।

লগতে পঢ়ক: উমেশ শুক্লাৰ ‘Oh My God’ত দেখা পাব নৱাজুদ্দিন ছিদ্দিকীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.