ETV Bharat / sitara

RSS আৰু তালিবানক একে আদৰ্শৰে অনুপ্ৰাণিত আখ্যা জাভেদ আখতাৰৰ - RSS আৰু তালিবানক একে আদৰ্শৰে অনুপ্ৰাণিত আখ্যা জাভেদ আখতাৰৰ

সম্প্ৰতি বলীউডৰ বিশিষ্ট লিখক তথা গীতিকাৰ জাভেদ আখতাৰৰ এটি মন্তব্যই চৌদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ তেওঁৰ এই মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মহাৰাষ্ট্ৰৰ বিধায়ক তথা বিজেপিৰ মুখপাত্ৰ ৰাম কদম ৷

Javed Akhtar's remarks on equating Taliban with RSS sparks row
RSS আৰু তালিবানক একে আদৰ্শৰে অনুপ্ৰাণিত আখ্যা জাভেদ আখতাৰৰ
author img

By

Published : Sep 5, 2021, 1:41 PM IST

চিটাৰা ডেস্ক, 5 ছেপ্তেম্বৰ : লিখক তথা সংগীতকাৰ জাভেদ আখতাৰৰ আৰ এছ এছ (RSS) আৰু তালিবানক একে বুলি কৰা মন্তব্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে চৌদিশে ৷ তেওঁৰ এই মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহাৰাষ্ট্ৰৰ বিধায়ক তথা বিজেপিৰ মুখপাত্ৰ ৰাম কদমে কৈছে যে, গীতিকাৰ গৰাকীৰ কোনো ছবিয়ে দেশত প্ৰদৰ্শিত হ’ব নালাগে যেতিয়ালৈকে তেওঁ এই মন্তব্যৰ বাবে ক্ষমা নোখোজে ৷

জাভেদ আখতাৰে এক সাক্ষাৎকাৰত তালিবান আৰু যিসকলে ভাৰতক হিন্দুৰাষ্ট্ৰ হিচাপে বিচাৰে তেওঁলোকক একে বুলি মন্তব্য কৰিছিল ৷ তেওঁ কৈছিল যে সমগ্ৰ বিশ্বৰে সোঁ-পন্থীসকলে একেটা বস্তুকে বিচাৰে ৷ "যেনেদৰে তালিবানে ইছলামিক ৰাষ্ট্ৰ বিচাৰে ঠিক তেনেদৰে একাংশই ভাৰতক হিন্দু ৰাষ্ট্ৰ হোৱাতো বিচাৰে ৷ এইসকল লোক একে মানসিকতাৰ, সেয়া মুছলিম, খৃষ্টান, ইহুদী আৰু হিন্দু যিয়েই নহওক" বুলি আখতাৰে কয় ৷

অৱশ্যে গীতিকাৰ গৰাকীয়ে তালিবানক বৰ্বৰ আৰু নিন্দনীয় বুলিও কয় ৷ কিন্তু তেওঁ লগতে কয় "যিসকলে আৰ এছ এছ, বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলক সমৰ্থন কৰে তেওঁলোকো একে" ৷

আখতাৰৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ মুখপাত্ৰ ৰাম কদমে টুইটযোগে কয়, "তেওঁ এই মন্তব্য কৰাৰ পূৰ্বে ভাবি চাব লাগিছিল সেই আদৰ্শৰ লোকেই বৰ্তমান দেশ শাসন কৰি আছে আৰু ৰাজধৰ্ম সম্পূৰ্ণ কৰি আছে ৷ যদি এই আদৰ্শ তালিবানৰ হ’লহেতেন, তেন্তে তেওঁ এনেধৰণৰ মন্তব্য আগবঢ়াব পাৰিলেহেতেন নে ? গতিকে এইটোৱে দৰ্শাই তেওঁৰ মন্তব্য কিমান ফোঁপোলা" ৷

কদমে লগতে কয়, ‘আমি মা ভাৰতীৰ ভূমিত তেওঁৰ এখনো ছবি চলিবলৈ নিদিও, যেতিয়ালৈকে তেওঁ এই মন্তব্যৰ বাবে সংঘৰ নেতৃত্বৰ আগত হাতযোৰ কৰি ক্ষমা নিবিচাৰে ৷ যিসকলে নিজৰ সম্পূৰ্ণ জীৱন দেশৰ নামত উচৰ্গা কৰিছে’ ৷

লগতে পঢ়ক : বলীউডত ছবি পৰিচালক হিচাপে আত্মপ্ৰকাশৰ বাবে সাজু এগৰাকী অসমীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.