ETV Bharat / sitara

১০ দিনত 'ধামাকা'ৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিলে কাৰ্তিক আৰিয়নে

author img

By

Published : Dec 25, 2020, 4:46 PM IST

২০ দিনৰ ভিতৰত 'ধামাকা' ছবিৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে কাম আৰম্ভ কৰা কাৰ্তিক আৰিয়নে ১০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিলে দৃশ্যগ্ৰহণ । হাস্যৰসধৰ্মী আৰু ৰোমাণ্টিক ছবিৰ বাবে জনপ্ৰিয় হোৱা অভিনেতাগৰাকীয়ে প্ৰথমবাৰৰ বাবে থ্ৰিলাৰ ছবিত অভিনয় কৰিছে ।

১০ দিনত 'ধামাকা'ৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিলে কাৰ্তিক আৰিয়নে
১০ দিনত 'ধামাকা'ৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিলে কাৰ্তিক আৰিয়নে

চিটাৰা ডেস্ক, ২৫ ডিচেম্বৰ: মুম্বাইস্থিত পঞ্চতাৰকা হোটেল পোৱাইত যোৱা ১৪ ডিচেম্বৰত কাৰ্তিক আৰিয়ন অভিনীত ছবি 'ধামাকা'ৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছিল । আগশাৰীৰ এখন ৱেবলইড প্ৰকাশিত তথ্য মতে, অভিনেতাগৰাকীয়ে ১০ দিনৰ ভিতৰতে আগন্তুক ছবি 'ধামাকা'ৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰি এক নতুন অভিলেখ ৰচিছে । ৩০০ গৰাকী লোকৰ দলটোৱে প্ৰয়োজনীয় স্বাস্থ্য বিধি মানি হোটেল পোৱাইত বাহৰ পাতি ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম শেষ কৰে ।

ৰোমাণ্টিক আৰু হাস্যৰসধৰ্মী অভিনয়ৰ বাবে খ্যাত কাৰ্তিকে ছবিখনত এগৰাকী সাংবাদিকৰ চৰিত্ৰ ৰূপায়ণ কৰিছে । দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে কাৰ্তিকে মাতৃৰ ওচৰলৈ যাব । মহামাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ বাবে মাতৃয়ে কাৰ্তিকৰ স্বাস্থ্যক লৈ চিন্তিত হৈ আছিল । 'ধামাকা' ছবিখন নিৰ্দেশনা কৰিছে ৰাম মাধৱানীয়ে আৰু ৰন্নী স্ক্ৰীউৱালা আৰু মাধৱানীয়ে সহ ছবি নিৰ্মাতা অমিতা মাধৱানীৰে সৈতে মিলি ছবিখন নিৰ্মাণ কৰিছে ।

চলিত সপ্তাহৰ আৰম্ভণিতে কাৰ্তিকে ছবিখনত তেওঁ ৰূপায়ণ কৰা চৰিত্ৰৰ সৈতে অনুৰাগীক পৰিচয় কৰাই দিছিল । ইনষ্টগ্ৰামযোগে শ্বেয়াৰ কৰা আলোকচিত্ৰখনত অভিনেতাজনৰ দীঘল চুলিৰে সৈতে দেখাৰ লগতে পঢ়িবলৈ ব্যৱহাৰ কৰা চছমা আৰু ফৰ্মেল চ্যুট পৰিধান কৰা দেখা গৈছে । 'ধামাকা'ৰ উপৰিও কাৰ্তিকক 'দোস্তানা-২' আৰু 'ভোল ভুলেইয়া-২' ছবিত দেখা পোৱা যাব ।

লগতে পঢ়ক:নব্বৈ দশকৰ অভিনেত্ৰী সকল সঁচাকৈয়ে চুপাৰষ্টাৰ আছিল:পংকজ ত্ৰিপাঠী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.