ETV Bharat / sitara

কিয় চাৰিটা নিশা উজাগৰে কটাবলগীয়া হ'ল ন'ৰা ফটেহীয়ে ? - নিজৰ ইউ টিউব চেনেল

কণ্ঠশিল্পী তথা গীতিকাৰ শচেট টেণ্ডন আৰু পৰম্পৰা ঠাকুৰৰ নতুন গীত "চ'ৰ ডেংগে"ত অভিনয় কৰিছে ন'ৰা ফটেহীয়ে । "চ'ৰ ডেংগে"ৰ দৃশ্যগ্ৰহণৰ এটি সৰু ভিডিঅ' শ্বেয়াৰ কৰি ন'ৰাই প্ৰকাশ কৰিছে যে, দৃশ্যগ্ৰহণৰ বাবে অভিনেত্ৰীগৰাকীয়ে চাৰিটা নিশা উজাগৰে কটাইছিল ।

"চ'ৰ ডেংগে"ৰ দৃশ্যগ্ৰহণৰ সময়ত ৪টা নিশা উজাগৰে কটাইছিল ন'ৰাই

author img

By

Published : Mar 1, 2021, 7:43 PM IST

চিটাৰা ডেস্ক, ১ মাৰ্চ: পুনৰ টি-ছিৰিজৰ সৈতে কাম কৰিলে অভিনেত্ৰী তথা নৃত্যশিল্পী ন'ৰা ফটেহীয়ে । কণ্ঠশিল্পী তথা গীতিকাৰ শচেট টেণ্ডন আৰু পৰম্পৰা ঠাকুৰৰ নতুন গীত "চ'ৰ ডেংগে"ত অভিনয় কৰিছে ন'ৰাই । গীতটিৰ দৃশ্যগ্ৰহণৰ সময়ৰ কিছু অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

তেওঁ কয় যে, দৃশ্যগ্ৰহণৰ বাবে ৪ টা নিশা নিদ্ৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল । গীতটিত সুন্দৰভাৱে অভিনয় কৰিবলৈ ন'ৰাই ৪০ দিন কঠোৰ অনুশীলন কৰিছিল আৰু কৰিঅ'গ্ৰাফাৰ ৰজিত দেৱই পৰিকল্পনা কৰা ধৰণে অভিনেত্ৰীগৰাকীয়ে কাম কৰিবলৈ সক্ষম হৈছিল । গীতটোৰ জৰিয়তে এটা কাহিনী দাঙি ধৰা হৈছে । সেয়ে, অভিব্যক্তিবোৰ ফুটাই তোলাতো অভিনেত্ৰীগৰাকীৰ বাবে গুৰুত্বপূৰ্ণ কাম আছিল । অৱশ্যে কামৰ মাজতো আনন্দ লোৱাৰ পৰা বিৰত নাথাকে ন'ৰা ।

  • " class="align-text-top noRightClick twitterSection" data="">

অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা দৃশ্যগ্ৰহণৰ আঁৰৰ কিছু দৃশ্যাংশই গীতটোৰ কাহিনীৰ আভাস দিছে । ন'ৰা ফটেহীয়ে নিজৰ ইউ টিউব চেনেলত ভিডিঅ'টো আপলোড কৰিছে আৰু কৈছে যে, চাৰিটা নিশা ভালদৰে টোপনি নোযোৱাকৈয়ে তেওঁ কাম কৰিছে । উল্লেখ্য যে, গীতটি ৰাজস্থানত দৃশ্যগ্ৰহণ কৰা হৈছে আৰু গীতটিৰ ভিডিঅ'টো অৰবিন্দৰ খইৰাই নিৰ্দেশনা কৰিছে ।

লগতে পঢ়ক:‘ডাৰ্লিং’ ছবিৰে প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিব আলিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.