চিটাৰা ডেস্ক, 11 মাৰ্চ : ভিয়াকম18 ষ্টুডিঅ’জে বৃহস্পতিবাৰে ঘোষণা কৰিলে আহিবলগীয়া ছবি ফাইটাৰৰ মুক্তিৰ তাৰিখ ৷ দীপিকা পাডুকন আৰু হৃত্বিক ৰোছনে অভিনয় কৰা ছবিখনে আগন্তুক বৰ্ষৰ 28 ছেপ্তেম্বৰত মুক্তি লাভ কৰিব (Hrithik Deepika film together) ৷ ছবিখনৰ প্ৰডাকছন বেনাৰে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিলে মুক্তিৰ নতুন তাৰিখ ৷
ফাইটাৰ ছবিখন নিৰ্দেশনা কৰিছে সিদ্ধাৰ্থ আনন্দে ৷ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এইখন প্ৰথম এৰিয়েল এক্সন ধৰ্মী ছবি ৷ ফাইটাৰ ছবিখন ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰত্ব, ত্যাগ আৰু দেশপ্ৰেমৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নিৰ্মাণ কৰা হৈছে (patriotic movie by hrithik deepika) ৷
- " class="align-text-top noRightClick twitterSection" data="
">
ফাইটাৰৰ নতুন মুক্তিৰ তাৰিখটো শ্বাহৰুখ খানৰ কাৰণেই লোৱা হ’ল বুলি অনুমান কৰিব পৰা গৈছে ৷ কিয়নো ফাইটাৰ মুক্তি হোৱাৰ কথা আছিল বহু প্ৰতীক্ষিত ছবি পাঠানৰ মুক্তিৰ পিছদিনা ৷ বহু সময়ৰ বিৰতিৰ মূৰত ৰূপালী পৰ্দালৈ উভতি অহা শ্বাহৰুখৰ পাঠানৰ বাবে অনুৰাগীসকল ৰৈ আছে অধীৰ আগ্ৰহেৰে ৷
ফাইটাৰ ছবিখনৰ নিৰ্মাতাসকলে এই কথালৈ লক্ষ্য ৰাখিয়েই পিছুৱালে মুক্তিৰ তাৰিখ ৷ পিছে আশ্চৰ্যকৰ বিষয়টো হ’ল যে সিদ্ধাৰ্থ আনন্দই নিৰ্দেশনা কৰিছে পাঠান ছবিখন ৷ পাঠানত শ্বাহৰুখৰ লগতে দীপিকা আৰু জন আব্ৰাহামকো দেখিবলৈ পোৱা যাব ৷
লগতে পঢ়ক:America celebrating SSR: আমেৰিকাই পালন কৰি 'সুশান্ত মুন' দিৱস