চিটাৰা ডেস্ক,26 ফেব্ৰুৱাৰীঃঅভিনেতা ৰিতেশ দেশমুখে নিৰ্মাণ কৰিব তেওঁৰ পিতৃৰ বায়'পিক ৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিলাসৰাও দেশমুখৰ জীৱনৰ ওপৰত আধাৰ কৰি এখন ছবি নিৰ্মাণ কৰিব জনপ্ৰিয় অভিনেতা ৰিতেশ দেশমুখে ৷ তেওঁ মাত্ৰ এতিয়া এখন ভাল স্ক্ৰিপ্টৰ আশাত আছে যি দৰ্শকক মনোৰঞ্জন দিয়াৰ লগতে পিতৃৰ জীৱন যাত্ৰাক সঠিক ৰূপত দাঙি ধৰিব পাৰিব ৷
"এয়া এগৰাকী ব্যক্তিৰ চমৎকাৰী যাত্ৰা ৷ যি গ্ৰাম্য সভাৰ পৰা আৰম্ভ কৰি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈছে ৷ বহুবাৰ বহুজনে তেওঁৰ জীৱনৰ ওপৰত আধাৰ কৰি স্ক্ৰিপ্ট লিখিছে আৰু মোক সুধিছে ৷ কিন্তু ছবি নিৰ্মাণ কৰা কামটো ইমান সহজ নহয় ৷" শেহতীয়াকৈ এইদৰে ব্যক্ত কৰে অভিনেতাগৰাকীয়ে ৷
তেওঁ কয়, "যেতিয়া কোনো বিষয় আপোনাৰ হৃদয়ৰ খুবেই কাষৰ হয়, তেতিয়া পাহৰি যোৱা হয় নিৰপেক্ষতা ৷ ভাবি লওঁক যদি মই তেওঁৰ ওপৰত এখন ছবি বনাও তেতিয়া মানুহে ক'ব মই তেওঁৰ কেৱল ভাল দিশটোৱে ছবিখনত দেখুৱালো ৷ ইফালে যদি এই ছবিখন যদি আন কোনোবাই বনাই তেতিয়া হয়টো মই কম, তেওঁ এনেকুৱা নাছিল, তেওঁ এনেকুৱা ধৰণৰ কথা কোৱা নাছিল আৰু কম যে কিছুমান কথা তেওঁৰ জীৱনত হোৱা নাছিল ৷ সেয়ে যদি ছবিখন নিৰ্মাণ হয় তেতিয়া এনেধৰণৰ মত বিভেদ হ'ব ৷"
লগতে তেওঁ কথাৰ প্ৰসংগতে কয় যে, তেওঁ নিজৰ পিতৃৰ ওপৰত ছবি নিৰ্মাণৰ আশা মনত পুহি ৰাখিছে ৷ যদি কোনোবাই সকলোবোৰ মিলাকৈ তেওঁৰ পিতৃৰ ওপৰত এখন ভাল স্ক্ৰিপ্ট লিখিব পাৰে লগতে দৰ্শকক মনোৰঞ্জন দিয়াৰ লগতে পিতৃৰ জীৱন যাত্ৰাক সঠিক ৰূপত দাঙি ধৰিব পাৰে, তেতিয়া তেওঁ নিশ্চয়কৈ পিতৃৰ জীৱনৰ ওপৰত ছবি নিৰ্মাণ কৰিব বুলি ব্যক্ত কৰে ৷
কামৰ কথালৈ গ'লে, সম্প্ৰতি অভিনেতাগৰাকী ব্যস্ত বাগী থ্ৰিৰ প্ৰচাৰৰ কামত ৷ তেওঁৰ এই আগন্তুক ছবিখন ছবিগৃহলৈ আহিব 2020 বৰ্ষৰ 6 মাৰ্চ তাৰিখে ৷