ETV Bharat / sitara

পত্নী তাহিৰাৰ নতুন গ্ৰন্থ পঢ়ি কিয় আচৰিত হ'ল আয়ুস্মান খুৰানা ?

পত্নী তাহিৰা কাশ্যপৰ নতুন গ্ৰন্থ 'দ্য কমাণ্ডমেণ্টছ অৱ বিং এ অ'মেন' পঢ়ি আশ্চৰ্য্যচকিত অভিনেতা আয়ুস্মান খুৰানা। তাহিৰাই টুইটযোগে শ্বেয়াৰ কৰিলে গ্ৰন্থখনৰ কাহিনীক লৈ স্বামী আয়ুস্মান বিস্মিত হৈ পৰাৰ কথা।

পত্নী তাহিৰাৰ নতুন গ্ৰন্থ পঢ়ি কিয় আচৰিত হ'ল আয়ুস্মান খুৰানা?

author img

By

Published : Oct 30, 2020, 11:18 AM IST

চিটাৰা ডেস্ক, ৩০ অক্টোবৰ: অভিনেতা আয়ুস্মান খুৰানাৰ পত্নী তাহিৰা কাশ্যপৰ নতুন গ্ৰন্থক লৈ আশ্চৰ্য্য প্ৰকাশ কৰিছে অভিনেতাগৰাকীয়ে। শেহতীয়াকৈ লেখিকা তথা ছবি নিৰ্মাতা তাহিৰাই লিখি উলিয়াইছে 'দ্য কমাণ্ডমেণ্টছ অৱ বিং এ অ'মেন' নামৰ এখন গ্ৰন্থ।

এই গ্ৰন্থখনক লৈ আয়ুস্মানৰ প্ৰতিক্ৰিয়া কি বুলি সোধা প্ৰশ্নৰ উত্তৰত তাহিৰাই টুইটযোগে কয় যে, 'সঁচা অৰ্থত ক'বলৈ গ'লে মই যি লিখো, সেয়া আয়ুস্মানৰ লগত শ্বেয়াৰ কৰো। সেইকাৰণে, তেওঁৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিল সেয়া মোৰ মনত আছে। গ্ৰন্থখনত সন্নিৱিষ্ট কৰা কেইবাটাও হাস্যকৰ ঘটনাই তেওঁক আমোদো দিছে। আমি সকলোৱে জানো তেওঁৰ ডাঠ চেলাউৰি আছে। মই গ্ৰন্থখনৰ বিষয়ে সোধাৰ সময়ত তেওঁ চেলাউৰি কোঁচাই আশ্চৰ্য্য প্ৰকাশ কৰিছিল। তেওঁ মোক প্ৰশ্ন কৰিছিল যে, তুমি সঁচাকৈয়ে এই সকলোবোৰ লিখিব বিচাৰিছানে? এইবোৰ তোমাৰ আৰু মোৰ মাজৰ কথা। এই কথাবোৰে কিয় গ্ৰন্থৰ পৃষ্ঠাত স্থান পাব লাগে?'

তাহিৰাই ইয়াকো লিখিছে যে, তেওঁ আৰু আয়ুস্মানৰ মাজৰ সম্পৰ্কত এনেদৰেই তেওঁ মিঠা আমেজ অনুভৱ কৰে। তেওঁ কয় যে, 'আমি পৰস্পৰৰ কামৰ প্ৰতি মতামত আগবঢ়াও আৰু এই ক্ষেত্ৰত বিশেষ টিপ্পনীও দিও। কিন্তু শেষত আমি এজনে আনজনক নিজৰ মতে চিন্তা কৰিবলৈ সুয়োগ দিও।'

'দ্য কমাণ্ডমেণ্টছ অৱ বিং এ অ'মেন' এগৰাকী মহিলা হোৱা আৰু মহিলাৰ ৰূপ লোৱাৰ অভিজ্ঞতাৰে পৰিপুষ্ট। তাহিৰাই ২০১১ চনত লেখিকাৰ ৰূপত আত্মপ্ৰকাশ কৰিছিল। মাই জাৰ্নী ইন বলীউড শীৰ্ষক আয়ুস্মান খুৰানাৰ আত্মজীৱনীৰো সহ লেখিকা আছিল তাহিৰা কাশ্যপ।

লগতে পঢ়ক:অভিনেত্ৰী দীপিকাৰ মেনেজাৰ কৰিশ্মাক পুনৰ NCBৰ তলব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.