চিটাৰা ডেস্ক,6 আগষ্টঃ অভিনেতা অভিষেক বচ্চন বৰ্তমানেও ভৰ্ত্তি হৈ আছে মুম্বাইৰ নানাৱতী হাস্পতালত ৷ পত্নী ঐশ্বৰ্য ৰায় বচ্চন, জী আৰাধ্যা বচ্চন আৰু পিতৃ তথা মেগাষ্টাৰ অমিতাভ বচ্চনে ইতিমধ্যে ক'ভিড ৰোগক হৰুৱাই হাস্পতালৰ পৰা অব্যাহতি লাভ কৰিছে ৷ অভিষেক বচ্চনৰ আগন্তুক ছবি দ্য বিগ বিলৰ সমগ্ৰ টিমটোৱে অপেক্ষা কৰি আছে অভিনেতা গৰাকী সুস্থ হৈ স্ব-গৃহলৈ উভতি অহাৰ বাবে ৷ শেহতীয়াকৈ এই কথা জনাইছে ছবিখনৰ পৰিচালক আনন্দ পণ্ডিতে ৷
তেওঁ লগতে জনাইছে যে, "অকলশৰে থকাটো জটিল কিন্তু তেওঁ বাধ্য ৷ তেওঁ পৰিয়ালবৰ্গই ভাইৰাছক প্ৰত্যাহ্বান জনালে ৷ মই যেতিয়া অভিষেকৰ লগত ফোনত কথা পাতো , তেতিয়া তেওঁ যথেষ্ট পজিটিভ কথাৰ বিকিৰণ ঘটাই, যেনেদৰে তেওঁ শ্বুটিং চেটতো কৰে ৷"
- View this post on Instagram
Hospital day :26 Discharge plan: NO! 😡 Come on Bachchan, you can do it!! 💪🏽 #believe
">
- " class="align-text-top noRightClick twitterSection" data="
">
আনন্দ পণ্ডিতৰ দ্য বিগ বুল ছবিখন এই বৰ্ষত অ'টিটি প্লেটফৰ্ম যোগে মুক্তি পোৱাৰ সম্ভাৱনা আছে ৷