চিটাৰা ডেস্ক, 14 ছেপ্তেম্বৰ: আজি বলিউডৰ অভিনেতা আয়ুষ্মান খুৰানাৰ 36 সংখ্যক জন্মদিন ৷ বলিউডত ভৰি দিয়াৰ খুব কম সময়ৰ ভিতৰতে সফলতা অৰ্জন কৰা আয়ুষ্মান খুৰানাৰ প্ৰায়ভাগ ছবিয়েই দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷
বলিউডৰ ‘মাল্টি টেলেণ্টেড’ অভিনেতাসকলৰ ভিতৰত আয়ুষ্মান খুৰানাও অন্যতম ৷ অভিনয়ৰ উপৰিও নৃত্য, সংগীত, লিখনি সকলোতে নিজৰ প্ৰতিভা উপস্থাপন কৰি দৰ্শকৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে অভিনেতা গৰাকীয়ে ৷
2012 চনত আয়ুষ্মানে সুজীৎ সৰকাৰৰ দ্বাৰা পৰিচালিত ‘Vicky Donor’ নামৰ ছবিখনেৰে বলিউডত প্ৰথম খোজ পেলাইছিল ৷ ছবিখনত আয়ুষ্মানৰ অভিনয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰে আৰু ছবিখনৰ বাবে তেওঁ বহুকেইটা ‘Best Actor’ৰ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হয় ৷
Vicky Donorয়ে সকলোৰে পৰা প্ৰশংসা বুটলাৰ লগতে বক্স অ’ফিচতো স্থান সফলতা কৰিবলৈ সক্ষম হৈছিল ৷ ছবিখনত কৰা দুৰ্দান্ত অভিনয় আৰু প্লে’বেকৰ বাবে তেওঁ ফিল্মফেয়াৰত ‘Best Male Debute’ আৰু ‘Best Male Playback Singer’ বঁটা লাভ কৰিছিল ৷
Vicky Donorৰ সফলতাৰ পাচতে আয়ুষ্মানে ‘Nautanki Saala’, ‘Bewakoofiyaan’ আৰু ‘Hawaizaada’ নামৰ তিনিখনত ৰোমাণ্টিক-ক’মেডী ছবিত অভিনয় কৰিছিল যদিও ছবি তিনিখনে বিশেষ সফলতা লাভ নকৰিলে ৷ 2015 চনত তেওঁ ‘Dum Laga Ke Haisha’ৰ জৰিয়তে পুনৰ সফলতালৈ ঘূৰি আহিছিল ৷ এই ছবিখনে বক্স অ’ফিচত সুনাম অৰ্জন কৰাৰ লগতে ছবিখনৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে অভিনেতা গৰাকীয়ে ৷
এই ছবিখনৰ সফলতাৰ পাচতে আয়ুষ্মানে পিছলৈ ঘূৰি নাচাই ‘Bareilly Ki Barfi’, ‘Andhadhun’, ‘Badhaai Ho’, ‘Article15’, ‘Shubh Mangal Saavdhan’, ‘Dream Girl’, ‘Bala’ ছবিৰে আগুৱাই যাবলৈ সক্ষম হয় ৷ 2018 চনত তেওঁ 66 সংখ্যক ৰাষ্ট্ৰীয় ছবি বঁটাত সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰে ৷
ইয়াৰোপৰি, কিছুদিন পূৰ্বে UNICEF INDIAৰ ‘চেলিব্ৰেটি এডভোকেট’ হিচাপে নিৰ্বাচিত হয় অভিনেতা আয়ুষ্মান ৷ এই পদক্ষেপেৰে তেওঁ দেশৰ শিশুসকলৰ বিৰুদ্ধে বৃদ্ধি হোৱা হিংসা, অত্যাচাৰ হ্ৰাস কৰা বিষয়ত কাম কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ৷
বলিউডৰ মাল্টি টেলেণ্টেড আয়ুষ্মান খুৰানাই যে লাখ-লাখ লোকৰ হৃদয়ত স্থান লাভ কৰিছে সেয়া নিঃসন্দেহে ব্যক্ত কৰিব পাৰি ৷ আজি তেওঁৰ জন্মবাৰ্ষিকীত ইটিভি ভাৰতৰ তৰফৰ পৰা অশেষ শুভকামনা জনালোঁ ৷
লগতে পঢ়ক: মনালীলৈ উভতিল কংগণা ৰাণাৱট