চিটাৰা ডেস্ক, 19 নৱেম্বৰ : আজি পূৰ্বৰ ‘মিছ ইউনিভাৰ্চ’ তথা বলীউড অভিনেত্ৰী সুস্মিতা সেনৰ জন্মদিন ৷ সমগ্ৰ বিশ্ববাসীৰ মাজতেই জনপ্ৰিয় অভিনেত্ৰী সুস্মিতা সেনে মাত্ৰ 18 বছৰ বয়সতেই ‘মিছ ইউনিভাৰ্চ’ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ এই বিশেষ দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীয়ে শুভেচ্ছা জ্ঞাপন কৰাৰ সমান্তৰালকৈ তেওঁৰ প্ৰেমিক ৰোহমান শ্বাওলে বিশেষ বাৰ্তাৰে এই বিশেষ দিনটোত ওপচাই পেলাইছে ৷

সুস্মিতাৰ জন্মদিন উপলক্ষে ৰোহমানে এখনি পুৰণি ফটো শ্বেয়াৰ কৰি তেওঁৰ প্ৰেয়সীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ছবিখন শ্বেয়াৰ কৰি ৰোহমানে লিখে , "Happy Birthday Babush @sushmitasen47."
সুস্মিতা আৰু ৰোহমানে প্ৰায়ে নিজৰ PDA মূহুৰ্ত ইন্টাৰনেটত শ্বেয়াৰ কৰে ৷ তেওঁলোকৰ এই ছবিসমূহ অনুৰাগীসকলেও আদৰি লয় ৷ সুস্মিতা আৰু ৰোহমানক 2018 চনত এটি দিপাৱলী পাৰ্টীত ৰাজহুৱাভাৱে একেলগে দেখা গৈছিল ৷ তাৰ পূৰ্বে তেওঁলোকে এই সম্পৰ্কৰ কথা ৰাজহুৱা কৰা নাছিল ৷

উল্লেখ্য যে, দীৰ্ঘদিন ছবিৰ পৰা আঁতৰি থকাৰ পিছত 2020 চনত ৱেব চিৰিজ ‘Aarya’ৰ জৰিয়তে পুনৰ অভিনয় জগতলৈ উভতি আহিছে অভিনেত্ৰী সুস্মিতা সেন ৷ ৱেব চিৰিজখনৰ অভূতপূৰ্ব সফলাতৰ পিছত শেহতীয়াকৈ ‘Aarya’ চিজন 2 ঘোষণা কৰি টিজাৰ মুকলি কৰিছে ৷ এই টিজাৰে দৰ্শকক মোহিত কৰিবলৈ সক্ষম হৈছে সুস্মিতাই ৷
লগতে পঢ়ক : যমজ সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী Preity Zinta