চিটাৰা ডেস্ক,৫ মাৰ্চ: ভাতৃ ইব্ৰাহিম আলী খানৰ জন্মদিনত বিশেষ শুভেচ্ছা জনালে বলীউডৰ অভিনেত্ৰী ছাৰা আলী খানে । ভাতৃয়ে ২০ বছৰত ভৰি দিয়াৰ বিশেষ মুহূৰ্তক সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে অভিনেত্ৰী গৰাকীয়ে । ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীয়ে কেইবাখনো ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰি ভাতৃক জন্মদিনৰ বিশেষ শুভেচ্ছা জ্ঞাপন কৰে । ভাতৃক ইগী পটাৰ বুলি সম্বোধন কৰি তেওঁক সৰ্বশ্ৰেষ্ঠ ক'ফি বনাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে অভিনেত্ৰীগৰাকীয়ে । লগতে সাগৰৰ পাৰলৈ ফুৰিবলৈ যোৱা, সদায় বিৰক্ত কৰা, নৱজাতক হিচাপে পোজ দিবলৈ বাধ্য কৰোৱা, বেডমিন্টন খেল হেৰুওৱা আদি বিভিন্ন স্মৃতি উল্লেখ কৰি সামাজিক মাধ্যমত ফটো আৰু ভিডিঅ শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে ।
ছাৰা আলী খানে এটা ভিডিঅ' শ্বেয়াৰ কৰে য'ত এটা বিশাল কেক দেখা গৈছে, কেকটো ইংলিছ প্ৰিমিয়াৰ লীগ ক্লাব ছেলচিৰ ৰঙত ডিজাইন কৰা হৈছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ভাতৃ-ভংগীৰ মৰম দেখি মাহীমাক কৰিনা কাপুৰেও জন্মদিনৰ শুভেচ্ছা জনাই এখন বিশেষ ফটো শ্বেয়াৰ কৰে ।
লগতে পঢ়ক:অৰুণাচলৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ বৰুণ ধাৱান আৰু কৃতি ছেননৰ