চিটাৰা ডেস্ক,5 আগষ্ট : বলীউডৰ মোহময়ী অভিনেত্ৰী জেনেলিয়া ডি’চুজা (Genelia D'Souza)ৰ আজি 34 সংখ্যক জন্মদিন (Birthday) ৷ তেলেগু, হিন্দী আৰু তামিল ছবিৰে ছবি জগতত সফলতা লাভ কৰা জেনেলিয়াৰ জন্মদিনৰ শুভকামনাৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া ৷ অভিনেত্ৰীগৰাকীৰ জন্মদিনৰ শুভক্ষণত আহক উভতি যাও তেওঁৰ অভিনয় জগতলৈ...
1. জানে তু য়া জানে না (Jaane Tu...Ya Jaane Na,2008)
ছবিখনত জেনেলিয়াৰ চৰিত্ৰটোৰ বাবে আমি এই ছবিখন বাৰে বাৰে চোৱাৰ হেঁপাহ কৰো ৷ নহয় নে? ছবিখনত জেনেলিয়াই ‘অদিতি’ নামৰ এগৰাকী শিক্ষাৰ্থীৰ চৰিত্ৰটো ৰূপায়ন কৰিছিল ৷ এগৰাকী আকৰ্ষণীয়, মৰমীয়াল, আবেগিক আৰু বিশ্বাসযোগ্য বন্ধুৰ ভূমিকা পালন কৰি জেনেলিয়াই ছবিখনেৰে দৰ্শকক আমোদ দিছিল ৷
2. তুঝে মেৰী কচম (Tujhe Meri Kasam,2003)
এই ছবিখনৰ জৰিয়তে 2003 চনত জেনেলিয়া আৰু স্বামী ৰিতেশ দেশমুখ (Riteish Deshmukh) দুয়োৱে ছবিজগতত খোজ দিছিল ৷ ছবিখনে বিশেষ সফলতা লাভ কৰা নাছিল যদিও সেই সময়ৰ পৰাই দুয়োৱে প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছিল ৷
3. তেৰে নাল লাভ হো গয়া (Tere Naal Love Ho Gaya,2012)
জেনেলিয়াই তেওঁৰ জীৱনৰ অন্তিমখম ছবি ‘তেৰে নাল লাভ হো গয়া’তো স্বামী ৰিতেশৰ সৈতে একেলগে অভিনয় কৰিছিল ৷ ছবিখনত সংযোজিত গীতসমূহে এক বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল ৷
4. ফ’ৰ্চ (Force,2011)
ছবিখনত জেনেলিয়াই ৰূপায়ন কৰা সহজ সৰল চৰিত্ৰটোৰ প্ৰশংসা কৰিছে দৰ্শকবৃন্দই ৷ জেনেলিয়াই এগৰাকী কলেজীয়া ছাত্ৰীৰ চৰিত্ৰ ৰূপায়ন কৰা ফ’ৰ্চ ছবিখনত তেওঁৰ বিপৰীতে আছিল অভিনেতা জন আব্ৰাহাম ৷
5. মস্তি (Masti,2004)
এই ছবিখন বলীউডৰ জনপ্ৰিয় কমেডী ছবিসমূহৰ ভিতৰত এখন, য’ত জেনেলিয়াই দ্বিতীয়বাৰৰ বাবে স্বামী ৰিতেশৰ সৈতে হিন্দী ছবিত অভিনয় কৰাৰ সুযোগ পাইছিল । ছবিখনত জেনেলিয়াই ৰূপায়ন কৰা চৰিত্ৰটোৰ নাম আছিল ‘বিন্দিয়া’৷ বিন্দিয়া এগৰাকী নিয়ন্ত্ৰণকাৰী পত্নী আছিল যিয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ ছবিখনত জেনেলিয়াই উৎকৃষ্ট অভিনয় কৰি দৰ্শকৰ প্ৰশংসাৰ পাত্ৰ হৈছিল ৷
লগতে পঢ়ক : Happy Birthday Kajol : 47 বছৰীয়া হ’ল অঞ্জলী