ETV Bharat / sitara

Happy Birthday ডেইজী শ্বাহ : ডোম্বিৱলীৰ পৰা বলীউডলৈ...

author img

By

Published : Aug 25, 2021, 8:30 AM IST

Updated : Aug 25, 2021, 9:01 AM IST

মাত্ৰ 10 বছৰ বয়সতেই মডেলিঙত খিতাপ দখল কৰা ডেইজী শ্বাহ এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও এগৰাকী সুদক্ষ ডাঞ্চাৰ ৷ বলীউডত পদাৰ্পণৰ পূৰ্বে তেওঁ তিনিবছৰ কৰিঅ’গ্ৰাফাৰ গণেশ আচাৰ্যক এচিষ্ট কৰিছিল ৷ আজি 37 বছৰীয়া হ’ল মোহময়ী অভিনেত্ৰীগৰাকী ৷ জন্মদিনৰ দিনটোত তেওঁলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা হিয়াভৰা শুভেচ্ছা...

Happy Birthday Daisy Shah : Dombiwali to Bollywood
Happy Birthday ডেইজী শ্বাহ : ডোম্বিৱলীৰ পৰা বলীউডলৈ...

নিউজ ডেস্ক, 25 আগষ্ট : 37 বছৰত ভৰি দিলে Jai Ho, Hate Story 3, Race 3 আদি ছবিত অভিনয় কৰা বলীউডৰ মোহময়ী অভিনেত্ৰী ডেইজী শ্বাহে ৷ অভিনেত্ৰীগৰাকীয়ে মডেলিঙৰ জৰিয়তে কেৰিয়াৰৰ আৰম্ভণি কৰিছিল ৷ ইয়াৰ পিছত তেওঁ Dancer হিচাপে কেইবাবছৰো কাম কৰিছিল ৷ নিজৰ প্ৰতিভাৰ বাবে ডেইজীয়ে প্ৰথমে কানাড়া ছবিত অভিনয় কৰিবলৈ সুবিধা লাভ কৰিছিল আৰু ইয়াৰ পৰাই বলীউডত খোজ পেলায় অভিনেত্ৰীগৰাকীয়ে ৷ জন্মদিনৰ দিনটোত আগবঢ়াইছো অভিনেত্ৰীগৰাকীৰ জীৱনৰ কেইটিমান বিশেষ কথা...

দশম শ্ৰেণীতে অৰ্জন মডেলিঙৰ খিতাপ :

মুম্বাইত জন্ম লাভ কৰা ডেইজী শ্বাহৰ পিতৃয়ে ডোম্বিৱলীৰ এটি কাপোৰৰ ফেক্টৰীত কাম কৰাৰ বিপৰীতে মাতৃ আছিল গৃহিণী ৷ দশম শ্ৰেণীতে ডেইজীয়ে ডোম্বিৱলীৰ এটি সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লৈছিল ৷ প্ৰতিযোগিতাখনিত মিচ ফটোজেনিকৰ খিতাপ দখল কৰিছিল তেওঁ ৷

গণেশ আচাৰ্যক কৰিছিল এচিষ্ট :

নৃত্যত ৰুচি থকা ডেইজীয়ে জনপ্ৰিয় কৰিঅ’গ্ৰাফাৰ গণেশ আচাৰ্যৰ পৰা প্ৰশিক্ষণ লৈছিল ৷ পৰৱৰ্তী সময়ত প্ৰায় তিনি বছৰ তেওঁক ছবিত এচিষ্ট কৰিছিল ৷ তেওঁ ‘Jameer’ ‘Khakee’ আদি ছবিত গণেশ আচাৰ্যক এচিষ্ট কৰিছিল ৷ ইয়াৰ উপৰিও ডেইজীয়ে ‘Rehnaa Hai Terre Dil Mein’, ‘Tere Naam’ত বেকগ্ৰাউণ্ড ডাঞ্চাৰ হিচাপেও কাম কৰিছে ৷

Tere Naam ৰ ‘O Jana’ আৰু ‘Lagan Lagi’ এই গান দুটিত অভিনেতা চলমান খানৰ পিছপিনে নৃত্য কৰি থকা দেখিবলৈ পোৱা যায় ডেইজীক ৷ ডাঞ্চাৰ হিচাপে কাম কৰি থকাৰ মাজতেই ডেইজীয়ে মডেলিং আৰম্ভ কৰে ৷ মডেলিঙৰ সময়চোৱাত তেওঁ কেইবাটাও ফটোশ্বুট আৰু প্ৰিণ্টশ্বুট কৰিছিল ৷

এই সময়তেই কানাড়া ছবিৰ এগৰাকী পৰিচালকৰ দৃষ্টি ডেইজী শ্বাহৰ ওপৰত পৰে ৷ তেওঁ ডেইজীক ‘চিংগাৰী’ ছবিত কাম কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল ৷ কিন্তু অভিনেত্ৰীগৰাকীয়ে 2011 ত কানাড়া ছবি Bodyguard ৰ দ্বাৰাহে অভিনয় জগতত অভিষেক ঘটায় ৷ ইয়াৰ উপৰিও ডেইজীক কেইবাখনো ছবি, কেমিঅ’ আৰু গানত দেখিবলৈ পোৱা যায় ৷

Jai Ho ৰ দ্বাৰা কৰিছিল বলীউডত পদাৰ্পণ :

ডেইজী শ্বাহক 2014 ত Jai Ho ছবিখনত চলমান খানৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা গৈছিল ৷ এই ছবিখনত তবু, পুলকিত সম্ৰাট, মহেশ মঞ্জৰেকৰ আদি কেইবাগৰাকীও অভিনেতাই অভিনয় কৰিছে ৷ ছবিখনে বক্স অফিচত 195.04 কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

Jai Ho ৰ পাছত ডেইজীয়ে Hate Story 3, Race 3 আদি ছবিত অভিনয় কৰিছে ৷ যদিও এই দুয়োখন ছবিয়ে বক্স অফিচত সফল হ’ব নোৱাৰিলে যদিও অভিনেত্ৰীগৰাকীক বলীউডত পৰিচয় গঢ়াত সহায় কৰে ৷ ডেইজীয়ে 2019 চনত Gujrat 11 ছবিখনৰ দ্বাৰা গুজৰাটী ছবিজগততো ভৰি দিয়ে ৷

লগতে পঢ়ক : কিয়াৰা আদৱানী ট্ৰ'লৰ সন্মুখীন হ'লে কি কৰে পিতৃ-মাতৃয়ে ?

Last Updated : Aug 25, 2021, 9:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.