ETV Bharat / sitara

Happy Birthday শ্বায়েৰা বানু জী...

author img

By

Published : Aug 23, 2021, 7:36 AM IST

বলীউডৰ 80 ৰ দশকৰ এগৰাকী মোহময়ী অভিনেত্ৰী আছিল শ্বায়েৰা বানু ৷ মাত্ৰ 16 বছৰ বয়য়তেই অভিনয় জগতত খোজ দিছিল বানুৱে ৷ সেই সময়ত বলীউডৰ তৃতীয় সৰ্বোচ্চ মাননি পোৱা অভিনেত্ৰী আছিল শ্বায়েৰা বানু ৷ আজি জন্মদিন উপলক্ষে ইটিভি ভাৰতৰ তৰফৰ পৰা আন্তৰিক শুভকামনা শ্বায়েৰা বানু জী...

happy birthdau shayera banu
Happy Birthday শ্বায়েৰা বানু জী...

চিটাৰা ডেস্ক, 23 আগষ্ট : আজি বলীউডৰ 80 ৰ দশকৰ মোহময়ী অভিনেত্ৰী শ্বায়েৰা বানুৰ জন্মদিন ৷ মাত্ৰ 16 বছৰ বয়সতে অভিনয় জগতত ভৰি দিয়া বানু আছিল 1963 চনৰ পৰা 1969 চনলৈ তৃতীয় সৰ্বোচ্চ মাননিপ্ৰাপ্ত অভিনেত্ৰী ৷ অভিনয় জগতত পদাৰ্পণৰ পিছতে তেওঁ কথক আৰু ভাৰত নাট্যমত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে ৷ শীঘ্ৰে তেওঁ এগৰাকী দক্ষ নৰ্তকী হৈ পৰে আৰু সেয়েহে তেওঁৰ ছবিসমূহত নৃত্যৰ সমাহাৰ দেখিবলৈ পোৱা যায় ৷

1961 চনত শ্বায়েৰা বানুৱে Junglee ছবিখনৰ জৰিয়তে বলীউডত খোজ পেলাইছিল ৷ ছবিখনত শমী কাপুৰৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল শ্বায়েৰা বানুৱে ৷ Junglee ছবিখনৰ বাবে শ্বায়েৰা বানুৱে ফিল্মফেয়াৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত মনোনীত হৈছিল ৷

বলীউডত নিচে কম সময়ৰ ভিতৰতে ৰোমাণ্টিক অভিনেত্ৰী হিচাপে পৰিচয় লাভ কৰে শ্বায়েৰা বানুৱে ৷ তেওঁ কেইবাখনো ৰোমাণ্টিক ছবিৰ মুখ্য ভূমিকাত অভিনয় কৰে ৷ শ্বায়েৰা বানুৱে Jhuk Gaya Aasman, Aayi Milan Ki Bela, April Fool, Aao Pyaar Karen, Shagird, Pyar Mohabbat, Bluff Master,Padosan আদি কেইবাখনো চুপাৰহিট বলীউড ছবিত অভিনয় কৰিছে ৷

1966 চনৰ 11 অক্টোবৰত শ্বায়েৰা বানুৱে অভিনেতা দিলীপ কুমাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ বিবাহৰ সময়ত শ্বায়েৰা বানুৰ বয়স আছিল মাত্ৰ 22 বছৰ আৰু দিলীপ কুমাৰৰ বয়স আছিল 44 বছৰ ৷ তেওঁলোকৰ কোনো সন্তান নাই ৷

দিলীপ কুমাৰে তেওঁৰ স্মৃতিগ্ৰন্থ Dilip Kumar: The Substance and the Shadow ত উল্লেখ কৰিছে যে বিবাহৰ পিছত শ্বায়েৰা বানু গৰ্ভৱতী হৈছিল যদিও তেওঁ গৰ্ভধাৰণৰ আঠ মাহত উচ্চ ৰক্তচাপত ভোগে, যাৰ বাবে চিকিৎকে তেওঁলোকৰ সন্তানটো বচাব নোৱাৰে ৷ তেওঁলোকে ইয়াক ভগৱানৰ ইচ্ছা বুলি ভাবি পুনৰবাৰ সন্তানৰ কথা চিন্তা নকৰে ৷

1967 চনত মুক্তি লাভ কৰা Aman ছবিখন হ’ল শ্বায়েৰা বানুৱে বিয়াৰ পিছত অভিনয় কৰা প্ৰথমখন ছবি ৷ এক সাক্ষাৎকাৰত বানুৱে কয় যে, তেওঁ সেই সময়ৰ জনপ্ৰিয় অভিনেতা ৰাজেশ খান্নাৰ সৈতে অভিনয়ৰ সুবিধা লাভ নকৰাৰ বাবে যথেষ্ট দুঃখিত ৷ শ্বায়েৰা বানুৱে বলীউডৰ বিগ-বি অমিতাভ বচ্চনৰ সৈতে Zameer আৰু Hera Pheri ত অভিনয় কৰিছিল ৷

তেওঁ Shagird (1967), Diwana (1968), Sagina (1974)ত তিনিবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানৰ বাবে মনোনীত হৈছিল ৷ শ্বায়েৰা বানুৱে 1984 চনত মুক্তি লাভ কৰা ছবি Duniya ত স্বামী তথা অভিনেতা দিলীপ কুমাৰৰ কেমিও কৰিছিল ৷ 1988 চনত মুক্তি লাভ কৰা Faisla ছবিখনেই আছিল শ্বায়েৰা বানুৰ জীৱনৰ অন্তিমখন ছবি ৷

লগতে পঢ়ক : মালদ্বীপৰ পৰা পুত্ৰ Jehৰ সৈতে ফটো শ্বেয়াৰ কৰীণাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.