চিটাৰা ডেস্ক, ৫ জুলাই : বলীউড ছবি জগতত কাপুৰ পৰিয়ালৰ আৰু এগৰাকী সদস্যৰ প্ৰৱেশৰ যো-জা চলিছে । হংসল মেহতাৰ ছবিৰে অভিনয় জীৱনৰ পাতনি মেলিবলৈ ওলাইছে শশী কাপুৰৰ নাতি জাহান কাপুৰে । একেখন ছবিতে দেখা পোৱা যাব অভিনেতা পৰেশ ৰাৱালৰ পুত্ৰ আদিত্য ৰাৱালকো । অৱশ্যে, এতিয়ালৈকে ছবিখনৰ নাম নিশ্চিত কৰা হোৱা নাই ।
অনুভৱ সিনহা আৰু ভূষণ কুমাৰো ছবিখনৰ নিৰ্মাণৰ সৈতে জড়িত হৈ আছে । বেনাৰস মিডিয়াৱৰ্কছ, টি-ছিৰিজ আৰু মহানা ফিল্মছে ছবিখন প্ৰযোজনা কৰিব । ছবি নিৰ্মাতাই প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি, ছবিখনৰ চৰিত্ৰবোৰৰ বাবে কলা-কুশলী বাচনি কৰোঁতে অনুভৱ সিনহা আৰু ভূষণ কুমাৰক কেইবামাহো সময়ৰ প্ৰয়োজন হৈছে । এই ছবিখন জাহানৰ প্ৰথম খন ছবি ।
- " class="align-text-top noRightClick twitterSection" data="
">
ছবিগৃহত মুক্তি লাভ কৰিবলগীয়া আদিত্যৰ এইখন প্ৰথম ছবি । ইয়াৰ পূৰ্বে ২০২০ চনত জি-৫ত মুক্তি লাভ কৰা বাম্ফাৰত আদিত্য ৰাৱালে অভিনয় কৰিছিল । অনুভৱ সিনহাই জনোৱা মতে, জাহান আৰু আদিত্য দুয়োজনে তেওঁলোকৰ চৰিত্ৰ সুন্দৰকৈ ৰূপায়ণ কৰিব বুলি আশা কৰা হৈছে ।
তেওঁ লগতে কয় যে, দৰ্শকক কাহিনীভাগৰ সৈতে একাত্ম কৰাৰ বাবে তেওঁলোকে ছবিখনত নতুন কলা-কুশলীয়ে অভিনয় কৰাতো বিচাৰিছিল । অনুভৱ সিনহাই জানিবলৈ দিয়া মতে, ইতিমধ্যে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰা হৈছে । তেওঁ নবাগত অভিনেতা দুগৰাকীৰ আগ্ৰহ আৰু তেওঁলোকে কৰা কঠোৰ পৰিশ্ৰমৰ শলাগ লয় । যোৱা ২৮ জুনত ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰা হৈছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
হংসল মেহতাই কয় যে, তেওঁ ছবিখনৰ বিষয়বস্তুৰ ওপৰত বিবেচনা কৰি নতুন মুখৰ সৈতে ছবিখন নিৰ্মাণ কৰিবলৈ তেওঁ আগ্ৰহী । জাহান আৰু আদিত্য দুয়োকে তেওঁলোকৰ প্ৰতিভাৰ ভিত্তিত বাছনি কৰা হৈছে । তেওঁলোকে অভিনয় কৰা চৰিত্ৰবোৰ অতি জটিল আৰু দৰ্শকে দুয়োকে আদৰি ল'ব বুলি তেওঁ নিশ্চিত বুলিও মেহতাই প্ৰকাশ কৰে । মেহতাই ইয়াৰ পূৰ্বে "স্কেম ১৯৯২: দ্য হৰ্ষদ মেহতা ষ্টৰী" শীৰ্ষক ছিৰিজ আৰু "ছালাং" ছবিখন পৰিচালনা কৰিছিল ।
লগতে পঢ়ক:‘হাছীন দিলৰুবা’ৰ সমালোচকক কি প্ৰত্যুত্তৰ দিলে তাপসীয়ে ?