ETV Bharat / sitara

স্বামী ৰিতেশৰ সৈতে পুনৰ কাম কৰাৰ উৎসুকতা প্ৰকাশ জেনেলিয়াৰ

পুৰুষ আৰু মহিলা দুয়ো লিংগৰ মাজত আলোচনা, তৰ্কৰে আৰম্ভ হ’বলগীয়া ‘Ladies Vs Gentlemen’ নামৰ ডিজিটেল শ্ব’টোত বলিউড দম্পত্তি অভিনেতা ৰিতেশ দেশমুখ আৰু অভিনেত্ৰী জেনেলিয়া দেশমুখে ঘোষক হিচাপে কাম কৰাৰ লগতে প্ৰতিযোগী হিচাপে থাকিব টিভি অভিনেতা-অভিনেত্ৰী কৰণ ৱাহী, কৰণ কুন্দ্ৰা, বিকাশ গুপ্তা, নিয়া শৰ্মা, তেজস্বী প্ৰকাশ, বাণী জে, ৰশ্মি দেশাই, পাৰচ চাব্ৰা আৰু ঋত্বিক ধনজানী ৷

author img

By

Published : Nov 18, 2020, 9:30 AM IST

Genelia excited to share screen with hubby Riteish again
স্বামী ৰিতেশৰ সৈতে পুনৰ কাম কৰাৰ উৎসুকতা প্ৰকাশ জেনেলিয়াৰ

চিটাৰা ডেস্ক,18 নৱেম্বৰ : এক নতুন শ্ব’ৰ বাবে সাজু হৈছে বলিউড দম্পত্তি অভিনেতা ৰিতেশ দেশমুখ আৰু অভিনেত্ৰী জেনেলিয়া দেশমুখ ৷ স্বামীৰ সৈতে পুনৰ কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা জেনেলিয়াই এই শ্ব’টোক লৈ সুখী ৷

‘Ladies Vs Gentlemen’ নামৰ এক ডিজিটেল শ্ব’ত ঘোষক হিচাপে দেখা পাব দেশমুখ দম্পত্তিহালক ৷ শ্ব’টোত পুৰুষ আৰু মহিলা দুয়ো লিংগৰ মাজত আলোচনা, তৰ্ক আদি দেখুওৱা হ’ব ৷

মহিলা বনাম পুৰুষ এই শ্ব’টোত টিভি অভিনেতা-অভিনেত্ৰী কৰণ ৱাহী, কৰণ কুন্দ্ৰা, বিকাশ গুপ্তা, নিয়া শৰ্মা, তেজস্বী প্ৰকাশ, বাণী জে, ৰশ্মি দেশাই, পাৰচ চাব্ৰা আৰু ঋত্বিক ধনজানীয়ে প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিব ৷

দীঘলীয়া বিৰতিৰ অন্তত স্বামী ৰিতেশৰ সৈতে একেলগে কাম কৰিবলৈ পাই বাস্তৱিকতে সুখী অনুভৱ কৰিছে জেনেলিয়াই ৷ এই শ্ব’টোত সাম্প্ৰতিক পৰিস্থিতিৰ কিছুমান বিষয় আলোচনা কৰা হ’ব আৰু শ্ব’টোৱে দৰ্শকক মনোৰঞ্জন দিব বুলি অভিনেত্ৰী গৰাকীয়ে সদৰি কৰে ৷

আজি ফ্লিপকাৰ্ট এপত হ’বলগীয়া এক লাইভযোগে প্ৰতিযোগীসকলৰ সৈতে শ্ব’ সন্দৰ্ভত মন্তব্য আগবঢ়াব ৰিতেশ আৰু জেনেলিয়াই ৷

লগতে পঢ়ক : হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গলৈ জন্মদিনৰ শুভেচ্ছা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.