ETV Bharat / sitara

সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত ভাষ্য প্ৰদান মহেশ ভাটৰ - বোলছবি নিৰ্মাতা মহেশ ভাট্ট

সোমবাৰে ছাণ্টাক্ৰুজ আৰক্ষী চকীত উপস্থিত হৈ সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত ভাষ্য প্ৰদান কৰে বোলছবি নিৰ্মাতা মহেশ ভাটে ৷ সুশান্তৰ মৃত্যুৰ বাবে চলি থকা তদন্তত বৰ্তমানলৈ 37 গৰাকীতকৈয়ো অধিক লোকৰ নাম সন্নিবিষ্ট হৈছে ৷

সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত ভাষ্য প্ৰদান মহেশ ভাটৰ

author img

By

Published : Jul 27, 2020, 5:20 PM IST

চিটাৰা, ডেস্ক, 27 জুলাই: বোলছবি নিৰ্মাতা মহেশ ভাটে সোমবাৰে 11:30 বজাত উপস্থিত হয় ছাণ্টাক্ৰুজ আৰক্ষী চকীত ৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যু সম্পৰ্কত নিজৰ ভাষ্য প্ৰদান কৰে বোলছবি নিৰ্মাতা গৰাকীয়ে ৷

কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি মহেশ ভাটে ফেছ শ্বীল্ড,গ্লোভছ আৰু মাস্ক পৰিধান কৰি আৰক্ষী চকীলৈ অহা পৰিলক্ষিত হয় ৷

মহাৰাষ্ট্ৰ গৃহমন্ত্ৰী অনিল দেশমুখে দেওবাৰে ঘোষণা কৰিছিল যে,বোলছবি নিৰ্মাতা গৰাকীক দুই এদিনৰ ভিতৰতে একাংশ প্ৰশ্ন সংক্ৰান্তত ছাণ্টাক্ৰুজ আৰক্ষী চকীলৈ মতা হ'ব ৷ তাৰ পাচতেই সোমবাৰে বিখ্যাত বোলছবি নিৰ্মাতা গৰাকীক দেখিবলৈ পোৱা গ'ল আৰক্ষী চকীত ৷

আনহাতে কৰণ জোহৰৰ ধৰ্ম প্ৰডাকশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়েই তেওঁৰ ভাষ্য প্ৰদান কৰিব আগন্তুক দিনত ৷

উল্লেখ্য যে,সুশান্তৰ মৃত্যুৰ বাবে চলি থকা তদন্তত বৰ্তমানলৈ 37 গৰাকীতকৈয়ো অধিক লোকৰ নাম সন্নিবিষ্ট হৈছে ৷ ইয়াৰ ভিতৰত আদিত্য চোপ্ৰা,সঞ্জয়লীলা ভাঞ্চালী,সঞ্জনা সাংঘী,মুৰেশ চাব্ৰা,ৰিয়া চক্ৰৱৰ্তী আৰু সুশান্তক ভিন্ন সময়ত পৰামৰ্শ প্ৰদান কৰি অহা মনোৰোগ বিশেষজ্ঞ গৰাকীও সন্নিবিষ্ট হৈ আছে ৷

লগতে পঢ়ক: সুশান্তৰ আত্মহত্যা সন্দৰ্ভত চি.বি.আই তদন্তৰ প্ৰয়োজন নাইঃমহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.