চিটাৰা ডেস্ক,20 ডিচেম্বৰ : হঠাৎ স্বাস্থ্যৰ অৱনতি বলিউডৰ ডিস্ক’ডেঞ্চাৰ মিথুন চক্ৰৱৰ্তীৰ ৷ ডায়েৰিয়াত আক্ৰান্ত অভিনেতাগৰাকীক মুচৌৰীৰ চিকিৎসকৰ এটি দলে স্বাস্থ্য পৰীক্ষা কৰি আৰাম কৰিবলৈ পৰামৰ্শ দিছে ৷
উল্লেখ্য যে, আহিবলগীয়া ছবি 'The Kashmir Files'ৰ শ্বুটিঙৰ বাবে মুচৌৰীত উপস্থিত হৈছিল অভিনেতা মিথুন চক্ৰৱৰ্তী, অনুপম খেৰকে আদি কৰি কেইবাগৰাকীয়ো অভিনেতা-অভিনেত্ৰী ৷ নিজৰ ৰুগীয়া শৰীৰৰ বাবে গন্তব্য স্থানত উপস্থিত হোৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল অভিনেতাগৰাকী ৷
চিকিৎসকে অভিনেতাগৰাকীক কিছুদিনৰ বাবে আৰাম কৰিবলৈ পৰমাৰ্শ দিছে ৷ 'The Kashmir Files' ছবিখনৰ শ্বুটিং মুচৌৰীৰ উপৰিও ডেৰাডুন আৰু ঋষিকেশত কৰা হ’ব ৷
লগতে পঢ়ক-‘মিৰ্চী লগী তোহ’ গীতটিৰ টিজাৰেৰে অনুৰাগীক প্ৰৰোচনা চাৰা আলী খানৰ