চিটাৰা ডেস্ক, ৯ জুলাই : 'তুফান' ছবিত বক্সাৰৰ চৰিত্ৰ সুন্দৰকৈ ৰূপায়ণ কৰিবলৈ এতিয়া বক্সিঙৰ অনুশীলন কৰাত ব্যস্ত হৈ পৰিছে অভিনেতা ফাৰহান আখটাৰ । ৰাকেশ ওমপ্ৰকাশ মেহৰা পৰিচালিত ছবিখনত মৃণাল ঠাকুৰ, পৰেশ ৰাৱাল, সুপ্ৰিয়া পাঠক কাপুৰ আৰু হুছেইন দালালেও অভিনয় কৰিছে । ২০১৩ চনত ক্ৰীড়া তাৰকা মিলখা সিঙৰ জীৱন কাহিনীক লৈ নিৰ্মাণ কৰা 'ভাগ মিলখা ভাগ' শীৰ্ষক ছবিখনৰ পিছত পুনৰ পৰিচালক ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ সৈতে কাম কৰিব ফাৰহানে । ছবিখনত আজিজ আলী ওৰফে আজ্জু ভাই নামৰ এজন গুণ্ডাৰ চৰিত্ৰ ৰূপায়ণ কৰিব অভিনেতাজনে ।
সেয়ে, বৰ্তমান বক্সিঙৰ প্ৰশিক্ষণ লৈছে ফাৰহানে । চৰিত্ৰটো সুন্দৰকৈ ৰূপায়ণ কৰিবলৈ ফাৰহানে এজন ফিটনেছ প্ৰশিক্ষক, বক্সিং প্ৰশিক্ষক আৰু এজন ফিজিঅ'থেৰাপিষ্টৰ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু তেওঁলোকে অভিনেতাগৰাকীক চৰিত্ৰটো বাস্তৱিক ৰূপ দিয়াত সহায় কৰিছে । এক্সেল মুভিজৰ অফিচিয়েল ইউ টিউব চেনেলত শুকুৰবাৰে এটা ভিডিঅ' শ্বেয়াৰ কৰা হৈছে ।
- " class="align-text-top noRightClick twitterSection" data="">
ভিডিঅ'টোৰ জৰিয়তে ফাৰহান, ৰাকেশ, ৰীতেশ শিধৱানী, প্ৰাক্তন বিশ্ব কিক বক্সিং চেম্পিয়ন ড্ৰিউ নীল, ফাইট সমন্বয়ক আৰু সহ-কাৰ্যবাহী প্ৰযোজক ডাৰেল ফষ্টাৰৰ দলটোৱে দেখুৱাইছে যে, কেনেদৰে তেওঁলোকে কেইবা মাহো ধৰি চেষ্টা কৰি আহিছে আৰু এতিয়া অভিনেতাজনে বক্সিং ৰিঙতে নিজকে সম্পূৰ্ণ প্ৰস্তুত কৰাৰ পৰ্যায় পাইছেহি । বক্সিং দক্ষতা লাভ কৰাৰ এই যাত্ৰাত কি কি ঘটিছিল সেয়া শ্বেয়াৰ কৰি ফাৰহানে কয় যে, তেওঁ ছবিখনৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰা নাছিল ।
- " class="align-text-top noRightClick twitterSection" data="">
তেওঁ এজন বক্সাৰ হ'বলৈহে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । ডাৰেলৰ দায়িত্ব আছিল অভিনেতাজনক ভুৱা পাঞ্চ নহয়, সঁচাকৈ পাঞ্চ মাৰিবলৈ শিকোৱা । ইয়াৰ পূৰ্বে, ৪৭ বছৰীয়া অভিনেতাজনে কয় যে, বক্সিং শিকাতো তেওঁৰ বাবে এক প্ৰত্যাহ্বান আছিল । ফাৰহান, এক্সেল এণ্টাৰটেইনমেণ্টৰ ৰীতেশ শিধৱানীয়ে আৰু মেহেৰাৰ ৰম্প পিকচাৰ্ছে প্ৰযোজনা কৰা 'তুফান' ছবিখন ১৬ জুলাইত আমাজন প্ৰাইম ভিডিঅ'ত ডিজিটেলভাৱে মুক্তি কথা আছে ।
লগতে পঢ়ক:এইবাৰ হলিউদলৈ মন আলিয়া ভাটৰ