ETV Bharat / sitara

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকলৈ ভাবুকি - Doctors who conducted Sushant Singh Rajput's autopsy get threats, abuse

সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা ৫গৰাকী চিকিৎসকলৈ ভাবুকি ভৰা ফোন, মেছেজ । উৎকোচ লৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সত্যক গাপ দি ভুল তথ্য দিয়াৰ অভিযোগ।

সুশান্তৰ মৰণোত্তৰ পৰীক্ষা কৰা চিকিত্সকলৈ ভাবুকি

author img

By

Published : Aug 20, 2020, 3:10 PM IST

এণ্টাৰটেইনমেণ্ট ডেস্ক: ২০আগষ্টঃ সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন ব্যক্তিগত সহায়কৰ পিছত এইবাৰ অভিনেতাজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা চিকিৎসকলৈ ভাবুকি ভৰা ফোন, মেছেজ । মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা মুম্বাইৰ কোপাৰ হাস্পতালৰ ৫ গৰাকী চিকিৎসকলৈ অপমানসূচক মেছেজ আৰু ফোনেৰে ভাবুকি দিছে কোনো অজ্ঞাত ব্যক্তিয়ে ।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ উল্লেখ থকা ফোন নম্বৰ আৰু নাম ৰাজহুৱা হোৱাৰ পিছতে অজ্ঞাত ব্যক্তিয়ে ফোন কৰি গালি-গালাজ কৰাৰ লগতে মেছেজৰ জৰিয়তেও অপমান কৰিছে চিকিৎসক কেইজনক । হাস্পতালখনৰ মুৰব্বীয়েও এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে। কোপাৰ হাস্পতালৰ লেণ্ড লাইন ফোন নম্বৰতো ফোন কৰি ধমক দিয়াৰ অভিযোগ উত্থাপিত হৈছে । অভব্য আচৰণ কৰা লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰিছে মহাৰাষ্ট্ৰৰ 'মেডিক' লিগেল এছ'চিয়েশ্যন'ৰ অধ্যক্ষ শৈলেশ মোহিতে । লগতে এই ঘটনা দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে । উল্লেখ্য যে, যোৱা ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল সুশান্তৰ মৃতদেহ । সম্প্ৰতি চিবিআইৰ হাতত অৰ্পণ কৰা হৈছে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ দ্বায়িত্ব।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.