ETV Bharat / sitara

এতিয়াও আইচিইউত দিলীপ কুমাৰ - saira banu on dilip kumar

আইচিইউতে আছে হিন্দী ছবিৰ কিংবদন্তী অভিনেতা দিলীপ কুমাৰ ৷ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হ'লেও অভিনেতাগৰাকীক আইচিইউত চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে বুলি জানিবলৈ দিছে অভিনেতাগৰাকীৰ পত্নী চাইৰা বানুৱে ৷

Dilip Kumar health update
আইচিইউত দিলীপ কুমাৰ
author img

By

Published : Jul 4, 2021, 1:35 PM IST

চিটাৰা ডেস্ক, 4 জুলাই: মুম্বাইৰ এখন চিকিৎসালয়ৰ আইচিইউ(intensive care unit)ত চিকিৎসাধীন হৈ থকা কিংবদন্তী অভিনেতা দিলীপ কুমাৰৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান প্ৰায় সুস্থিৰ অৱস্থাত আছে ৷ শনিবাৰে তেওঁৰ পত্নী চাইৰা বানুৱে জানিবলৈ দিয়া মতে, বৰ্তমান স্বাস্থ্যৰ অৱস্থা প্ৰায় সুস্থিৰ হ'লেও অভিনেতাগৰাকী এতিয়াও চিকিৎসকৰ পৰ্যবেক্ষণত আছে ৷ মঙলবাৰে 98 বৰ্ষীয় প্ৰবীণ অভিনেতাগৰাকীক মুম্বাইৰ হিন্দুজা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷

  • Dilip Saab has been admitted to Hinduja Hospital, Khar to address medical issues related to illness which are frequently expected in a 98 year old. Your love and prayers are truly appreciated by Saab- Faisal Farooqui

    — Dilip Kumar (@TheDilipKumar) June 30, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

অভিনেতাগৰাকীৰ অনুৰাগীসকলৰ লগতে সকলো শুভাকাংক্ষীক তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কুমাৰৰ পত্নী চাইৰা বানুৱে সকলোকে অভিনেতাগৰাকীৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় ৷ চাহাবৰ অৱস্থা এতিয়া বহুখিনি উন্নত বুলি মন্তব্য কৰি 76 বৰ্ষীয় প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে লগতে এইবুলি কয়, "আমি এতিয়াও আইচিইউত আছো ৷ আজি তেওঁ বহু স্থিৰ আৰু ভালে আছে ৷ তেওঁক ইয়াৰ পৰা লৈ যাবলৈ প্ৰাৰ্থনাৰ প্ৰয়োজন ৷ আমি এতিয়াও অৰণ্যৰ মাজত আছো ৷"

চিকিৎসালয় সূত্ৰৰ পৰা জানিব পৰা মতে, কুমাৰৰ শ্বাহ-প্ৰশ্বাস বৰ্তমান নিয়ন্ত্ৰণত আছে যদিও তেওঁ আৰু এদিন বা দুদিনৰ বাবে হাস্পতালত থাকিব লাগিব ৷ তেওঁৰ পৰিয়ালে বিচৰা অনুসৰি কুমাৰক আইচিইউত পৰ্যবেক্ষণত ৰখা হৈছে বুলি জানিবলৈ দি সূত্ৰটোৱে লগতে এইবুলিও কয় যে, "তেওঁৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালৰ লোকে এই কথা সুনিশ্চিত কৰিব বিচাৰিছে যে, চিকিৎসালয়ৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে যাতে তেওঁ সকলো সমস্যাৰ পৰা মুক্ত হয় ৷"

শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ বাবে হিন্দী ছবিৰ প্ৰবীণ অভিনেতাগৰাকীক জুন মাহত একেখন চিকিৎসালয়তে ভৰ্তি কৰোৱা হৈছিল ৷ সেই সময়ত কুমাৰৰ শৰীৰত bilateral pleural effusion সমস্যা ধৰা পৰিছিল ৷ অৱশ্যে চিকিৎসাৰ অন্তত পাঁচ দিনৰ পাচত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল ৷ উল্লেখ্য যে, মোগল-ই-আজম(Mughal-e-Azam), দেৱদাস(Devdas), নয়া দৌৰ(Naya Daur), আৰু ৰাম ঔৰ শ্যাম(Ram Aur Shyam) আদি বিভিন্ন ছবিৰ সৈতে বিগত পাঁচটা দশক ধৰি কুমাৰৰ কেৰিয়াৰ বিস্তৃত হৈ আছে ৷

লগতে পঢ়ক: কিৰণহীন হ’ব ৰিল লাইফৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টৰ জীৱন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.