ETV Bharat / sitara

বৈভৱৰ কন্যাৰ সৈতে মালদ্বীপ ভ্ৰমণৰ ফটো শ্বেয়াৰ দিয়া মিৰ্জাৰ - অভিনেত্ৰী দিয়া মিৰ্জা

বিয়াৰ পিছত স্বামী বৈভৱ ৰেখিৰ সৈতে অৱসৰ বিনোদনৰ বাবে প্ৰথমবাৰৰ বাবে মালদ্বীপলৈ গৈছে অভিনেত্ৰী দিয়া মিৰ্জা । কিন্তু এইবাৰ দিয়া আৰু বৈভৱৰ সৈতে আছে বৈভৱৰ কন্যা । মালদ্বীপ সাগৰৰ পাৰত সময় পাৰ কৰিছে তিনিগৰাকীয়ে ।

বৈভৱৰ কন্যাৰ সৈতে মালদ্বীপৰ ভ্ৰমণৰ ফটো শ্বেয়াৰ দিয়া মিৰ্জাৰ

author img

By

Published : Mar 27, 2021, 6:40 PM IST

চিটাৰা ডেস্ক,২৭ মাৰ্চ: 'আধুনিক পৰিয়াল'ৰ সঠিক উদাহৰণ দাঙি ধৰিছে বলীউডৰ অভিনেত্ৰী দিয়া মিৰ্জাই । ব্যৱসায়ী বৈভৱ ৰেখিৰ সৈতে বিবাহ সম্পন্ন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অৱসৰ বিনোদনৰ বাবে যোৱা দিয়া মিৰ্জাৰ লগত আছে বৈভৱৰ প্ৰথম পত্নীৰ কন্যা ।

বৈভৱৰ কন্যাৰ সৈতে মালদ্বীপৰ ভ্ৰমণৰ ফটো শ্বেয়াৰ দিয়া মিৰ্জাৰ
বৈভৱৰ কন্যাৰ সৈতে মালদ্বীপৰ ভ্ৰমণৰ ফটো শ্বেয়াৰ দিয়া মিৰ্জাৰ

মালদ্বীপত আনন্দেৰে কিছু সময় কটাইছে নৱ বিবাহিত দম্পতীয়ে । লগতে সংগ দিছে পৰিয়ালটোৰ বিশেষ সদস্যাগৰাকীয়ে । প্ৰথমে বৈভৱে যোগ প্ৰশিক্ষক সুনয়না ৰেখিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । সুনয়না আৰু বৈভৱৰ কন্যা হৈছে ছমাইৰা ।

ছ'চিয়েল মিডিয়াযোগে মালদ্বীপ ভ্ৰমণৰ ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰিছে দিয়া মিৰ্জাই আৰু লগতে লিখিছে যে, 'দেউতাৰ ছোৱালী' । দিয়া আৰু বৈভৱৰ বিয়াত ছমাইৰাও উপস্থিত আছিল ।

যোৱা ১৫ ফেব্ৰুৱাৰীত মুম্বাইৰ ব্যৱসায়ী বৈভৱ ৰেখিৰ সৈতে দিয়া মিৰ্জাৰ বিয়া হৈছিল । এয়া দিয়াৰ দ্বিতীয় বিবাহ । পূৰ্বে দিয়া ছাহিল ছংঘৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । ২০১৯ চনত তেওঁলোকৰ সম্পৰ্কত ফাঁট মেলে ।

লগতে পঢ়ক: নতুন জাৰ্চী মুকলি কৰিলে মুম্বাই ইণ্ডিয়ানছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.