ETV Bharat / sitara

দীপিকা পাডুকনে শ্বেয়াৰ কৰিলে চপ্পকৰ প'ষ্টাৰ - চপ্পকৰ এখন সুন্দৰ প'ষ্টাৰ

ছোচিয়েল মিডিয়াযোগে দীপিকা পাডুকনে শ্বেয়াৰ কৰিলে চপ্পকৰ এখন সুন্দৰ প'ষ্টাৰ ৷ দীপিকাই চপ্পকত এগৰাকী এচিড আক্ৰমণৰ বলি হোৱা যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ প'ষ্টাৰখনত দীপিকা পাডুকনক অভিনেতা বিক্ৰান্ত মেচিৰ সৈতে একেলগে দেখিবলৈ পোৱা গৈছে ৷

Deepika shares heartwarming poster of Chhapaak
দীপিকা পাডুকনে শ্বেয়াৰ কৰিলে চপ্পকৰ এখন সুন্দৰ প'ষ্টাৰ
author img

By

Published : Jan 7, 2020, 10:00 PM IST

চিটাৰা ডেস্ক, 7জানুৱাৰীঃ দীপিকাৰ আগন্তুক ছবি 'চপ্পক'ৰ মুক্তিৰ প্ৰাকমূহুতৰ্ত মঙলবাৰে দীপিকাই শ্বেয়াৰ কৰে চপ্পকৰ এখন আকৰ্ষণীয় প'ষ্টাৰ ৷ দীপিকাই প'ষ্টটোৰ কেপচনত লিখে , "যিমানেই বেছি কাজিয়া সিমানেই বেছি মৰম ৷ সৰু-সুৰা মৰমৰ কাজিয়াৰ পৰাই সৃষ্টি হয় প্ৰেম কাহিনীটোৰ ৷ "

ছবিখনত দীপিকাই এচিড আক্ৰমণৰ বলি হোৱা যুৱতী মালতীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ প'ষ্টাৰখনত দীপিকাক বিক্ৰান্ত মেচিৰ সৈতে একেলগে দেখিবলৈ পোৱা গৈছে ৷ বিক্ৰান্ত মেচিয়ে ছবিখনত মালতীৰ প্ৰেমিক অমুলৰ চৰিত্ৰত অভিনয় কৰিছে ৷ চপ্পক ছবিখন বাস্তৱ জীৱনৰ এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মীৰ জীৱন কাহিনীৰ ওপৰত আধাৰিত ৷ 2005 চনত লক্ষ্মীক 15 বছৰ বয়সতে এজন 32বছৰীয়া প্ৰেমিকে এচিড ঢালি আক্ৰমণ কৰে ৷ এই আক্ৰমণৰ পিছত লক্ষ্মীয়ে বহুকেইটা অস্ত্ৰোপচাৰ কৰাব লগা হ'ল ৷ ক্ৰমান্বয়ে পৰিস্থিতি সুস্থিৰ হৈ অহাত লক্ষ্মীয়ে এচিড আক্ৰমণৰ বলি হোৱা অন্য মহিলা, যুৱতীসকলকো সহায় কৰিবলৈ ল'লে ৷ কেৱল সেয়াই নহয় এনে আক্ৰমণৰ পুনৰাবৃত্তি নহ'বৰ বাবে বহুকেইটা অভিযানৰ অংশীদাৰো হয় লক্ষ্মী ৷ অতিকা চৌহানৰ দ্বাৰা লিখিত এই বিশেষ ছবিখন ছবিগৃহলৈ আহিব 2020 চনৰ 10 জানুৱাৰী তাৰিখে ৷

লগতে পঢ়কঃ বিপাশাৰ জন্মদিনঃ চিকিৎসক হোৱাৰ সপোন দেখা ছোৱালীজনী কেনেকৈ আহিল কেমেৰাৰ সমুখলৈ

Intro:Body:

DEPIKA SHARES HEARTWARMING POSTER OF CHAAPAK

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.