চিটাৰা ডেস্ক,1 জানুৱাৰীঃ নিজৰ আহিবলগীয়া ছবি চপ্পকক লৈ যথেষ্ট ব্যস্ত অভিনেত্ৰী দীপিকা পাডুকন ৷ ছবিখনৰ প্ৰচাৰৰ কামত ব্যস্ত অভিনেত্ৰীগৰাকী ৷ চপ্পকৰ প্ৰচাৰৰ মাজতে মঙলবাৰে অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে যে,ছবিখনৰ জৰিয়তে সমাজত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে ৷ অভিনেত্ৰীগৰাকীয়ে এ. এন.আইক জনাই যে,"মই এই ছবিখনত কাম কৰাৰ লগতে ছবিখন নিৰ্মাণ কৰিব বিচাৰিছিলো কাৰণ এনেকুৱা কাহিনী যিমান বেছিকৈ মানুহৰ মাজলৈ যাব,সিমানেই সমাজ,দেশ আৰু পৃথিৱীৰ বাবে ভাল ৷ "
এই বাৰ্তা দিয়াটো গুৰুত্বপূৰ্ণ যে,"লক্ষ্মী আৰু তেওঁৰ দৰে যোদ্ধাসমূহ আমাৰ বাবে প্ৰেৰণা ৷ মই এই চিনেমাখন বনাব বিচাৰিছিলো কাৰণ মানুহে যাতে জানক এনেধৰণৰ ঘটনা হোৱাৰ পাছতো তেওঁলোকে কেনেধৰণে নিজৰ জীৱনটো সফলৰূপে আগুৱাই নিছে ৷ "
এচিড আক্ৰমণৰ বলি হোৱা মানুহৰ প্ৰতি সমাজৰ ব্যৱহাৰৰ কথা জনাই অভিনেত্ৰীগৰাকীয়ে কয়," এখন সমাজত আমি তেওঁলোকৰ সৈতে সমান ব্যৱহাৰ নকৰো ৷ আমি তেওঁলোকক জ্ঞান কৰো বিকলাংগৰূপে ৷ কিন্তু তেওঁলোকৰ জীৱন পৃথক নহয় ৷ তেওঁলোক আমাৰ নিচিনাই ৷ আমি নিজৰ বাবে যেনেকুৱা ব্যৱহাৰ আশা কৰো, তেওঁলোককো আমি তেনেকুৱা ব্যৱহাৰেই কৰিব লাগে ৷ তেওঁলোকক সকলোৰে দৰে সমান ব্যৱহাৰ কৰাটো যথেষ্ট প্ৰয়োজনীয় ৷"
ছবিখনৰ বিষয়ে অভিনেত্ৰীগৰাকীয়ে কয় যে,"বহুকেইটা সৰু সৰু প্ৰভাৱশালী সামাজিক বাৰ্তা ছবিখনৰ মাধ্যমেৰে মানুহৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে ৷ "মূলতঃ ছবি চপ্পকখন বাস্তৱ জীৱনৰ যোদ্ধা তথা এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মীৰ জীৱনৰ ওপৰত আধাৰিত ৷ 2005 চনত 15 বছৰ বয়সতে লক্ষ্মীক এগৰাকী প্ৰেমিকে এচিডেৰে আক্ৰমণ কৰিছিল ৷ ছবিখনত দীপিকাই লক্ষ্মীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ৷
লক্ষ্মীয়ে এচিড আক্ৰমণৰ পিছত বহুকেইটা চাৰ্জাৰী কৰিব লগা হৈছিল ৷ জীৱনৰ এই যুদ্ধত কেতিয়াও হাৰ নমনা লক্ষ্মীয়ে পৰৱৰ্তী সময়ত,এচিড আক্ৰমণৰ বলি হোৱা অন্য মহিলাসকলক সহায় কৰিবলৈ ল'লে ৷
উল্লেখ্য যে,এই বৰ্ষৰ 10 জানুৱাৰী তাৰিখে মুক্তি পাব অতিকা চৌহানৰ দ্বাৰা ৰচিত মেঘনা গুলজাৰৰ দ্বাৰা পৰিচালিত চপ্পক ছবিখন ৷