মুম্বাই, 20 অক্টোবৰ : মুম্বাই ক্ৰুজত ড্ৰাগ পাৰ্টিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা বলিউদৰ বাদশ্বাহ শ্বাহৰুখ খান তনয় আৰিয়ান খানে দাখিল কৰা জামিন আবেদন বুধবাৰে এনডিপিএছৰ এখন বিশেষ আদালতে নাকচ কৰে ।
ইয়াৰ পূৰ্বে ১৪ অক্টোবৰত নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)য়ে আৰিয়ানৰ জামিন আবেদনৰ বিৰোধিতা কৰি আদালতক অৱগত কৰিছিল যে, এতিয়ালৈকে হোৱা তদন্তত ড্ৰাগছৰ অবৈধ ক্ৰয় আৰু সেৱনত তেওঁৰ ভূমিকা পৰিলক্ষিত হৈছে ।
সংস্থাটোৱে লগতে শপতনামাত এইটোও উল্লেখ কৰিছিল যে, কিছুদিনৰ পৰা আৰিয়ান ড্ৰাগছৰ এজন নিয়মীয়া গ্ৰাহক আছিল । আৰিয়ানে এনে কিছু ব্যক্তিৰ সৈতেও সম্পৰ্ক ৰাখিছিল, যি ড্ৰাগছৰ এক আন্তৰ্জাতিক নেটৱৰ্কৰ লগত জড়িত থকাৰ অনুমান কৰিব পাৰি ।
উল্লেখ্য যে, NCB য়ে মুম্বাইৰ পৰা গোৱা অভিমুখী এখন ক্ৰুজত নিশা চলোৱা অভিযানত জব্দ কৰিছিল ড্ৰাগছকে ধৰি বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ তিনিগৰাকী মহিলাসহ মুঠ 13 জনক আটক কৰা হৈছিল এই অভিযানত ৷ আটকাধীন সকলৰ মাজত আছিল বলীউড চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান ৷
লগতে পঢ়ক : আন্তৰ্জাতিক প্ৰকল্প Extrapolations ত দেখা যাব আদৰ্শ গৌৰৱক