ETV Bharat / sitara

কোভিড-19 সন্ত্ৰাসঃ পিছুওৱা হ'ব নেকি সূৰ্যবংশী,এইট্টি থ্ৰি, গুঞ্জন ছাক্সেনাৰ মুক্তিৰ তাৰিখ ?

author img

By

Published : Mar 11, 2020, 3:30 PM IST

কৰ'ণা ভাইৰাছক লৈ সমগ্ৰ বিশ্বতে সন্ত্ৰাস বিৰাজমান ৷ দেশতো একেই পৰিস্থিতি ৷ সূত্ৰৰ দ্বাৰা জানিব পৰা মতে,সামগ্ৰিক বাতাবৰণলৈ লক্ষ্য কৰি মুক্তিৰ তাৰিখ পিছুওৱা হৈছে আহিবলগীয়া ছবি সূৰ্যবংশী,এইট্টি থ্ৰি আৰু গুঞ্জন ছাক্সেনাৰ ৷

COVID-19 scare: Sooryavanshi, 83, Gunjan Saxena release dates postponed?
কোভিড-19 সন্ত্ৰাসঃ পিছুওৱা হ'ব নেকি সূৰ্যবংশী,এইট্টি থ্ৰি, গুঞ্জন সক্সেনাৰ মুক্তিৰ তাৰিখ ?

চিটাৰা ডেস্ক,11 মাৰ্চঃ সমগ্ৰ বিশ্বজুৰি এতিয়া কৰ'ণা ভাইৰাছৰ চৰ্চা ৷ এই মাৰাত্মক ভাইৰাছে মানুহৰ মনত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ দেশতো একেই পৰিস্থিতি ৷ প্ৰতিটো ক্ষেত্ৰতে অৱলম্বন কৰা হৈছে সাৱধানতা ৷ এইবোৰৰ প্ৰতি লক্ষ্য ৰাখি বহু ক্ষেত্ৰত কৰা হৈছে সাল-সলনি ৷ চিনেমাৰ ক্ষেত্ৰখনটো ছবি মুক্তিৰ তাৰিখ পিছুওৱাৰ ব্যাপক চিন্তা-চৰ্চা চলি আছে ৷ ছবি মুক্তিৰ তাৰিখ পুনঃ নিৰ্ধাৰণ হ'ব লগা তালিকাখনৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব ৰোহিত চেট্টীৰ সূৰ্যবংশী,কবীৰ খানৰ এইট্টি থ্ৰি আৰু কৰণ জোহৰৰ গুঞ্জন চক্সেনাঃদ্য কাৰ্গিল গাৰ্ল ৷

সূত্ৰৰ দ্বাৰা জানিব পৰা মতে,ৰোহিত চেট্টী,অক্ষয় কুমাৰ,কেটৰিণা কাঈফ অভিনীত পুলিচ ড্ৰামা সূৰ্যবংশীৰ নতুন তাৰিখ নিৰ্ধাৰণৰ বাবে চিন্তা-চৰ্চা চলাই আছে ছবি নিৰ্মাতাই ৷

কবীৰ খানৰ খেলধৰ্মী ছবি এইট্টি থ্ৰিৰ কথালৈ চালে,দীপিকা পাডুকন আৰু ৰণবীৰ সিঙ অভিনীত ছবিখনৰ মুক্তিৰ তাৰিখ ইতিমধ্যে পিছুওৱা হৈছে ৷ ছবিখনৰ ট্ৰেইলাৰত নিৰ্ধাৰণ কৰা তাৰিখ অনুসৰি ছবিখন বুধবাৰে মুক্তি পোৱাৰ কথা আছিল ৷ ছবি নিৰ্মাতাসকলে ছবিখনৰ মুক্তি অস্থায়ীভাৱে স্থগিত কৰাৰো চিন্তা-চৰ্চা চলাই আছে ৷

ইফালে কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচন আৰু জি ষ্টুডিঅ'ৰ দ্বাৰা নিৰ্মিত গুঞ্জন ছাক্সেনাঃ দ্য কাৰ্গিল গাৰ্লৰ নতুন মুক্তিৰ তাৰিখ শীঘ্ৰেই ঘোষণা হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে এই কথাখিনি সন্দৰ্ভত ছবি নিৰ্মাতা সকলে অফিচিয়েলি একো ঘোষণা কৰা নাই ৷

লগতে পঢ়কঃকৰ'ণাভাইৰাছ আতংক : মাৰ্চ মাহত বন্ধ থাকিব কেৰালাৰ ছবিগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.