চিটাৰা ডেস্ক,13 জুলাইঃ বলীউড অভিনেতা অনুপম খেৰৰ পৰিয়ালৰ চাৰিজনকৈ সদস্য কৰ'ণাত আক্ৰান্ত ৷ দেওবাৰে অনুপম খেৰে এটা ভিডিঅ' শ্বেয়াৰ কৰি এই কথা অনুৰাগীৰ মাজত প্ৰকাশ কৰিছিল ৷ এই প'ষ্টটো দিয়াৰ পিছতে তেওঁৰ পৰিয়ালৰ আশু আৰোগ্য কামনা কৰি অসংখ্য অনুৰাগীয়ে বাৰ্তা প্ৰেৰণ কৰে ছ'চিয়েল মিডিয়া যোগে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
শেহতীয়াকৈ সোমবাৰে অভিনেতা গৰাকীয়ে আৰু এটা ভিডিঅ' শ্বেয়াৰ কৰে,য'ত তেওঁ জনাই যে,তেওঁৰ মাতৃক বৰ্তমান ভৰ্ত্তি কৰোৱা হৈছে আইচ'লেচন ৱাৰ্ডত ৷
জনাই থওঁ যে,তেওঁৰ মাতৃ বৰ্তমান মুম্বাইৰ কোকিলাবেন হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ তেওঁৰ ভাতৃ ৰাজু আৰু তেওঁৰ পৰিয়াল বৰ্তমান হোম কোৱাৰেন্টাইনত আছে ৷ শেহতীয়াকৈ তেওঁৰ ভাতৃ ৰাজু,বৌয়েক আৰু ভতিজাকৰো কৰ'ণাৰ ফলাফল পজিটিভ আহিছিল ৷
অভিনেতাগৰাকীয়ে লগতে এটা ভিডিঅ' যোগে মানুহে ইমান মৰম তথা আশীষ ভৰা বাৰ্তা প্ৰেৰণ কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷
এফালে যেনেকৈ অনুপম খেৰৰ মাতৃ দুলাৰী দেৱী যুঁজি আছে কৰ'ণা ভাইৰাছৰ সৈতে ৷ আনফালে মেগাষ্টাৰ অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ,বোৱাৰী, নাতিনী যুঁজি আছে মাৰাত্মক কৰ'ণা ভাইৰাছৰ সৈতে ৷
লগতে পঢ়কঃদিল বেচাৰাৰ অভিনেত্ৰীয়ে সুঁৱৰিলে সুশান্ত সিং ৰাজপুতক