চিটাৰা ডেস্ক,29 জুলাইঃ বিহাৰৰ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃ কে.কে.সিঙে সুশান্তৰ আত্মহত্যা ঘটনাক কেন্দ্ৰ কৰি এক গোচৰ ৰুজু কৰিছে পাটনা আৰক্ষী থানাত ৷ এই সন্দৰ্ভত একলগ হৈ থিয় দিছে বিহাৰৰ বিজেপি আৰু কংগ্ৰেছ দল ৷
দুয়ো পক্ষই অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ ওপৰত চি.বি.আই তদন্ত দাবী কৰিছে ৷ এই আত্মহত্যাৰ ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰ আৰক্ষী আৰু বিহাৰৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই ক্ষেত্ৰত সম্পূৰ্ণ ৰহস্য ফাদিলৰ বাবে বিহাৰৰ শাসকীয় দল আৰু বিপক্ষ দলে চি.বি.আই তদন্ত দাবী কৰিছে ৷