চিটাৰা ডেস্ক, 11 জুলাই : মুক্তিৰ পূৰ্বে বিতৰ্কৰ মাজত সোমাই পৰিছে ফাৰহান আখতাৰ অভিনীত ছবি 'তুফান'(Toofaan) । ছবিখন বৰ্জনক লৈ এতিয়া সামাজিক মাধ্যমত একাংশই প্ৰচাৰ চলাইছে । টুইটাৰত একাংশই #বয়কট লগাই ছবিখন বৰ্জনৰ বাবে ৰাইজক আহ্বান জনাইছে । নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ সন্দৰ্ভত ফাৰহান আখতাৰৰ স্থিতি আৰু ছবিখনত লাভ জেহাদৰ এটা অংশক লক্ষ্য হিচাপে লৈ একাংশই ছবিখন বৰ্জনৰ দাবী কৰে ।
-
BOYCOTT EVERY MOVIE WHICH IS AGAINST OUR CULTURE AND DHARMA #BoycottToofaan
— Manish Singh (@MSinghBJP) July 10, 2021 " class="align-text-top noRightClick twitterSection" data="
">BOYCOTT EVERY MOVIE WHICH IS AGAINST OUR CULTURE AND DHARMA #BoycottToofaan
— Manish Singh (@MSinghBJP) July 10, 2021BOYCOTT EVERY MOVIE WHICH IS AGAINST OUR CULTURE AND DHARMA #BoycottToofaan
— Manish Singh (@MSinghBJP) July 10, 2021
উল্লেখ্য যে, ছবিখনত ফাৰহান আখতাৰৰ (Farhan Akhtar) সৈতে ম্ৰুণাল ঠাকুৰে(Mrunal Thakur) অভিনয় কৰিছে । ৰাকেশ ওম প্ৰকাশ মেহৰাৰ দ্বাৰা পৰিচালিত ছবিখনত ফাৰহানে আজিজ আলীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ যি ডংৰীৰ এজন গুণ্ডা হিচাপে অৱতীৰ্ণ হৈ পিছত এগৰাকী বক্সাৰ হিচাপে সফলতা অৰ্জন কৰে ।
ছবিখনৰ ট্ৰেইলাৰত দেখুওৱাৰ দৰে ছবিখনত এগৰাকী চিকিৎসক ডাঃ অনন্যাৰ চৰিত্ৰত অভিনয় কৰা ম্ৰুণাল হৈছে বক্সাৰ গৰাকীৰ প্ৰেমিকা ।
-
#BringBackBaba#BoycottToofaan
— Kaushik 🇮🇳 (@BhayramKaushik) July 10, 2021 " class="align-text-top noRightClick twitterSection" data="
FOE curbed by @YouTube for the truth of Love jihad by #SabLoktantra youtube channel. pic.twitter.com/lSdwVKIKmO
">#BringBackBaba#BoycottToofaan
— Kaushik 🇮🇳 (@BhayramKaushik) July 10, 2021
FOE curbed by @YouTube for the truth of Love jihad by #SabLoktantra youtube channel. pic.twitter.com/lSdwVKIKmO#BringBackBaba#BoycottToofaan
— Kaushik 🇮🇳 (@BhayramKaushik) July 10, 2021
FOE curbed by @YouTube for the truth of Love jihad by #SabLoktantra youtube channel. pic.twitter.com/lSdwVKIKmO
ছবিখনৰ ট্ৰেইলাৰ উন্মোচন হোৱাৰ পিছতে ইউ টিউবাৰ ৰচিত কৌশিকে (Rachit kaushik) ছবিখনত লাভ জেহাদৰ অংশ থকা বুলি অভিযোগ কৰা এটা ভিডিঅ' ভাইৰেল হৈ পৰে । ছবিখনে লাভ জেহাদক প্ৰশ্ৰয় দিয়া বুলি অভিযোগ কৰে ইউ টিউবাৰ কৌশিকে । যাৰ বাবে বহুতে ছবিখন বৰ্জনৰ বাবে সামাজিক মাধ্যমত প্ৰচাৰ আৰম্ভ কৰে । আনকি কৌশিকে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দাবী কৰি কয় যে, ফাৰহান আৰু ৰাকেশে ভিডিঅ' শ্বেয়াৰিং প্লেটফৰ্মত হেঁচা দিয়াৰ পাছতো ভিডিঅ'টো ইউ টিউবে বহু তললৈ নমাই আনিছে ।
টুইটাৰত ছবিখন বৰ্জনক লৈ প্ৰচাৰ চলি থকাৰ মাজতে বিজেপি নেতা মনীষ সিঙে দেশৰ সংস্কৃতি আৰু ধৰ্মবিৰোধী সকলো চলচ্চিত্ৰ বৰ্জন কৰিবলৈ আহ্বান জনায় । লক্ষণীয়ভাৱে ইউ টিউবাৰ ৰচিতে তেওঁৰ সাক্ষাৎকাৰত ম্ৰুণালৰ চৰিত্ৰটো সম্পৰ্কে বিশেষ পৰ্যালোচনা কৰি কয় যে অভিনেত্ৰীগৰাকীয়ে ছবিখনত ডাঃ পূজা শ্বাহৰ চৰিত্ৰত অভিনয় কৰিছে ৷ কিন্তু ছবিখনত তেওঁৰ নাম ভূমিকা হৈছে অনন্যা ।
-
Someone sent me this.#BoycottToofaan pic.twitter.com/1NjW4RMgmJ
— 🚩🚩राम भक्त कटर हिन्दुत्व समर्थक शिवाय 🚩🚩 (@Mahakal_bhakt_0) July 10, 2021 " class="align-text-top noRightClick twitterSection" data="
">Someone sent me this.#BoycottToofaan pic.twitter.com/1NjW4RMgmJ
— 🚩🚩राम भक्त कटर हिन्दुत्व समर्थक शिवाय 🚩🚩 (@Mahakal_bhakt_0) July 10, 2021Someone sent me this.#BoycottToofaan pic.twitter.com/1NjW4RMgmJ
— 🚩🚩राम भक्त कटर हिन्दुत्व समर्थक शिवाय 🚩🚩 (@Mahakal_bhakt_0) July 10, 2021
কেৱল ৰচিতে নহয়, বহুতো লোকে টুইটাৰত ছবিখন সম্পৰ্কে সাধাৰণ জ্ঞান লাভ কৰিয়ে সমালোচনা কৰে ছবি নিৰ্মাতাক ৷ তেওঁলোকৰ মতে সমাজত মনোৰঞ্জনৰ জৰিয়তে ছবি নিৰ্মাতাই লাভ জেহাদ বিয়পাইছে । তুফান হৈছে ফাৰহান আৰু মেহৰা যুটিৰ দ্বিতীয়খন ছবি । ইয়াৰ পূৰ্বে ২০১৩ চনত মুক্তি লাভ কৰা 'ভাগ মিলখা ভাগ'ত (Bhag Milkha Bhag) একেলগে কাম কৰিছিল দুয়োগৰাকীয়ে ।
তুফান ছবিখন মুম্বাইৰ ডংৰীত জন্মগ্ৰহণ কৰা অনাথ আজ্জুৰ জীৱনৰ ওপৰত আধাৰিত ৷ যি পৰৱৰ্তী সময়ত local গুণ্ডা হৈ পৰে আৰু অনন্যাক লগ পায় ৷ ইয়াৰ পিছৰে পৰা জীৱন সলনি হয় আজ্জুৰ ৷ যুৱতীগৰাকীৰ প্ৰেৰণাই আজ্জুক বক্সিং চেম্পিয়ন আজিজ আলীলৈ পৰিৱৰ্তিত হোৱাত সহায় কৰে ।
লগতে পঢ়ক: 'ফাইটাৰ্ছ'ক লৈ ঋত্বিক ৰোশনৰ বিশেষ পোষ্ট