ETV Bharat / sitara

ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদনত মঞ্জুৰী বম্বে উচ্চ ন্যায়ালয়ৰ

সুশান্ত সিং আত্মহত্যাৰ গোচৰত সাঙোৰ খাই পৰা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদন গ্ৰহণ কৰি ইয়াক মঞ্জুৰী প্ৰদান কৰিছে বম্বে উচ্চ ন্যায়ালয়ে ৷

author img

By

Published : Oct 7, 2020, 11:52 AM IST

ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদনত মঞ্জুৰী বম্বে উচ্চ ন্যায়ালয়ৰ
ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদনত মঞ্জুৰী বম্বে উচ্চ ন্যায়ালয়ৰ

চিটাৰা ডেস্ক, 7 অক্টোবৰ : এনডিপিএছৰ বিশেষ আদালতে ৰিয়া আৰু চৌবিক চক্ৰৱৰ্তীৰ ন্যায়িক জিম্মাৰ পৰিসৰ বৃদ্ধিৰ আবেদন কৰাৰ এদিন পিচতেই বম্বে উচ্চ ন্য়ায়ালয়ে ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদনত মঞ্জুৰী প্ৰদান কৰে ৷

সুশান্ত সিং ৰাজপুতৰ গোচৰত সাঙোৰ খাই পৰা ৰিয়া চক্ৰৱৰ্তী, চেমুৱেল মিৰাণ্ডা আৰু দীপেশ সাৱন্তৰ জামিন আবেদনৰ আজি শুনানি গ্ৰহণ কৰে বম্বে উচ্চ ন্যায়ালয়ে ৷ বম্বে উচ্চ ন্যায়ালয়ে 1 লাখ টকাৰ বিনিময়ত ৰিয়াৰ জামিন মঞ্জুৰ কৰে ৷ আনহাতে চৌবিক আৰু বাকীসকলৰ জামিন খাৰিজ কৰে ৷

এদিন পূৰ্বে এনডিপিএছৰ বিশেষ আদালতে ৰিয়া আৰু চৌবিকৰ ন্য়ায়িক জিম্মা 20 অক্টোবৰলৈ বৃদ্ধি কৰিছিল ৷ ইফালে চিবিআইৰ দ্বাৰা পৃথকে এই গোচৰৰ তদন্ত চলি আছে ৷

উল্লেখ্য যে, 14 জুনত বান্দ্ৰাস্থিত বাসগৃহৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল অভিনেতা সুশান্ত সিং ৰাজপুতৰ নিথৰ দেহ ৷

লগতে পঢ়ক : মুম্বাই উচ্চ ন্যায়ালয়ত সুশান্তৰ দুই ভগ্নী প্ৰিয়ংকা-মীতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.