চিটাৰা ডেস্ক, ২৭ জুলাই : অশ্লীল ছবি নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মুম্বাইৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা অভিনেত্ৰী শিল্পা ছেট্টী(Shilpa Shetty)ৰ স্বামী ৰাজ কুন্দ্ৰাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ মঙলবাৰে শেষ হ'ব । মঙলবাৰে ৰাজ কুন্দ্ৰা(Raj Kundra)ৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব বোম্বে উচ্চ ন্যায়ালয়ে(Bombay High Court) । পৰ্ণ’গ্ৰাফী গোচৰত জড়িত থকাৰ অভিযোগত ৪৫ বছৰীয়া ৰাজ কুন্দ্ৰাক যোৱা ১৯ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । লগতে গ্ৰেপ্তাৰ কৰিছিল তেওঁৰ সহযোগী ৰিয়ান থাৰ্পেসহ আন ১১ জন ব্যক্তিক ।
ইফালে, অভিনেত্ৰী শিল্পা ছেট্টীকো এই গোচৰৰ সন্দৰ্ভতে ৬ ঘণ্টা ধৰি জেৰা চলায় আৰক্ষীয়ে । কিন্তু জেৰাৰ সময়ত শিল্পাই অশ্লীল ছবি নিৰ্মাণৰ সৈতে ৰাজ কুন্দ্ৰা জড়িত নাই বুলি দাবী কৰি সমস্ত দোষ ৰাজৰ ভাতৃ প্ৰদীপ বক্সিৰ ওপৰত জাপি দিয়ে । আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, অপৰাধ শাখাৰ তদন্তত পোহৰলৈ আহিছে যে শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাৰ জইণ্ট একাউণ্টৰ পৰা কোটি কোটি টকাৰ লেনদেন কৰা হৈছে । অপৰাধ শাখাই সন্দেহ কৰিছে যে, 'হটশ্বট'(Hotshots) আৰু 'বলী ফেম'(Bolly Fame) এপৰ পৰা উপাৰ্জন কৰা ধন এই একাউণ্টত জমা কৰা হৈছিল ।
এই দুয়োটা একাউণ্ট সম্পৰ্কীয় তদন্তৰ বাবে অপৰাধ শাখাই এগৰাকী বিত্তীয় অডিটৰ নিযুক্ত কৰিছে ।
লগতে পঢ়ক- নিজৰ গ্ৰেপ্তাৰক 'অবৈধ' বুলি অভিহিত ৰাজ কুন্দ্ৰাৰ
লগতে সূত্ৰটোৱে কয় যে, এই এপবোৰৰ পৰা উপাৰ্জন কৰা ধন বিটকইনত (Bitcoin) বিনিয়োগ কৰা হৈছিল নে নাই সেই বিষয়েও আৰক্ষীয়ে অনুসন্ধান কৰি আছে । ইয়াৰ পূৰ্বে দেওবাৰে আৰক্ষীয়ে জনাইছিল যে, কুন্দ্ৰাৰ চাৰিজন কৰ্মচাৰীয়ে পৰ্ণ'গ্ৰাফী গোচৰত তেওঁৰ বিৰুদ্ধে ভাষ্য আগবঢ়াইছে । আৰক্ষীয়ে সাক্ষী হিচাপে আদালতত হাজিৰ কৰাব আটাইকেইজনকে । কৰ্মচাৰীকেইজনে সাক্ষ্য দিয়াৰ বাবে অধিক সমস্যাত পৰিছে ৰাজ কুন্দ্ৰা ।
মুম্বাই আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক এই গোচৰৰ মূল অভিযুক্ত হিচাপে লৈ তদন্ত চলাইছে । তথ্য প্ৰযুক্তি আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰাৰ অধীনত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । শেহতীয়াকৈ ৰাজ কুন্দ্ৰাৰ মুম্বাইস্থিত কেইবাটাও প্ৰতিষ্ঠানৰ কাৰ্যালয়ত আৰক্ষীয়ে অভিযান চলাইছিল । এই অভিযানৰ সময়ত আৰক্ষীয়ে কেতবোৰ আপত্তিজনক তথ্যও লাভ কৰিছে ।
লগতে পঢ়ক: 6 ঘন্টাৰ জেৰাত স্বামীৰ বিষয়ে কি ক’লে অভিনেত্ৰী শিল্পা চেট্টীয়ে ?