ETV Bharat / sitara

মল্লযোদ্ধা প্ৰিয়া মালিকক অভিনন্দন জনাই ট্ৰ’লৰ সন্মুখীন বলীউডৰ তাৰকা

author img

By

Published : Jul 25, 2021, 10:17 PM IST

মল্লযোদ্ধা প্ৰিয়া মালিকে (Priya Malik) চলিত Tokyo Olympics ত সোণৰ পদক (Gold Medal) লাভ কৰা বুলি অভিনন্দন জ্ঞাপন কৰি ট্ৰ’ল (Troll)ৰ সন্মুখীন হৈছে বলীউডৰ (Bollywood) বহুকেইগৰাকী তাৰকা ৷ ইয়াৰ পাচতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ট্ৰ’ল কৰে তাৰকাকেইগৰাকীক ৷ দৰাচলতে চলিত বৰ্ষত হাংগেৰীত অনুষ্ঠিত হোৱা World Cadet Wrestling Championship তহে সোণৰ পদক লাভ কৰিছে প্ৰিয়া মালিকে ৷

Bollywood celebs trolled
বলীউডৰ তাৰকাক ট্ৰ’ল

চিটাৰা ডেস্ক, 25 জুলাই : শেহতীয়াকৈ মল্লযোদ্ধা প্ৰিয়া মালিক (Priya Malik)ক অভিনন্দন জ্ঞাপন কৰি ট্ৰ’ল (Troll)ৰ সন্মুখীন হৈছে বলীউড (Bollywood)ৰ কেইগৰাকীমান নামজ্বলা তাৰকা ৷ চলিত টকিঅ’ অলিম্পিক (Tokyo Olympics)ত সোণৰ পদক (Gold Medal) লাভ কৰা বুলি মল্লযোদ্ধা প্ৰিয়া মালিকক ছ’চিয়েল মিডিয়া (Social Media)যোগে অভিনন্দন জনাইছে ভূমি পেডনেকাৰ (Bhumi Pednekar), মিলিণ্ড সুমন (Milind Soman) আৰু বৎসল শেঠে (Vatsal Seth) ৷ দৰাচলতে চলিত বৰ্ষত হাংগেৰীত অনুষ্ঠিত হোৱা World Cadet Wrestling Championship তহে সোণৰ পদক লাভ কৰিছে প্ৰিয়াই ৷

মডেল তথা অভিনেতা মিলিণ্ড সুমনে প্ৰিয়া মালিকক অভিনন্দন জনোৱাৰ পাচত অন্য এটা টুইটত সকলোৰে পৰা ক্ষমা বিচাৰে ৷ টুইট কৰাৰ পূৰ্বে এবাৰ বিষয়টো জানি লোৱাতো দৰকাৰ আছিল বুলি নিজেই উল্লেখ কৰে মডেলগৰাকীয়ে ৷

ইফালে ইনষ্টাগ্ৰামযোগে প্ৰিয়াৰ এখন ফটো শ্বেয়াৰ কৰি টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰা বুলি অভিনন্দন জনায় ভূমি পেডনেকাৰে ৷ অৱশ্যে এতিয়া প’ষ্টটো আঁতৰাই পেলায় অভিনেত্ৰীগৰাকীয়ে ৷

Bhumi Pednekar post
ভূমি পেডনেকাৰৰ প’ষ্ট

আনহাতে অভিনেতা বৎসল শেঠেও প্ৰিয়া মালিকৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁক অভিনন্দন জনায় ৷ ইয়াৰ পাচতে অন্য এটা প’ষ্টত অলিম্পিক নহয় বুলি উল্লেখ কৰে বৎসলে ৷ এই পোষ্ট ভাইৰেল হোৱাৰ পাচতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ট্ৰ’ল কৰে তিনিওগৰাকী অভিনেতা-অভিনেত্ৰীক ৷ বিষয়টো ভালদৰে নজনাকৈ অভিনন্দন জনোৱাতো বাধ্যতামূলক নহয় বুলি নেটিজেন (Netizens)সকলে প্ৰত্যুত্তৰ দিয়ে ৷

তিনিওগৰাকীৰ উপৰিও নীতু কাপুৰ (Neetu Kapoor), কৰীণা কাপুৰ খান (Kareena Kapoor Khan), চাৰা আলী খান(Sara Ali Khan), সাগৰিকা ঘাট্কে (Sagrika Ghatge) আৰু সঞ্জয় কাপুৰে(Sanjay Kapoor)ও প্ৰিয়া মালিকক টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰা বুলি অভিনন্দন জনায় ৷

লগতে পঢ়ক : ৰাজ কুন্দ্ৰাৰ সন্মুখত আন এক বিপদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.