ETV Bharat / sitara

দিহিং পাটকাই বৰ্ষাৰণ্য়ক লৈ বলীউডৰ অভিনেতা ৰণদ্বীপ হুডাৰ টুইট - #SAVE DEHING PATKAI

শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে দিহিং পাটকাই বৰ্ষা অভয়াৰণ্য়ৰ সংৰক্ষণৰ জাগৰণে । শনিবাৰে অভয়াৰণ্যখনৰ সংৰক্ষণৰ বাবে মাত মাতিছে বলীউডৰ জনপ্ৰীয় প্ৰতিভাৱান অভিনেতা ৰণদ্বীপ হুডাই ।

BOLLYWOOD ACTOR  RANDEEP HOODA TWEET FOR SAVE DEHING PATKAI SANCTUARY

author img

By

Published : May 24, 2020, 4:10 PM IST

নিউজ ডেস্ক, ২৪ মে': দিহিং পাটকাই অভয়াৰণ্য হৈছে ভাৰতৰ পূৱ-আমাজন হিচাপে খ্যাত এক বৰ্ষাৰণ্য । সম্প্ৰতি দিহিং পাটকাইত কয়লা খননৰ অনুমতি দিয়া কাৰ্যই ভাবুকি কঢ়িয়াই আনিছে এই অভয়াৰণ্যখনলৈ । শেহতীয়াকৈ এই বিষয়ে ছ'চিয়েল মিডিয়াত বাৰুকৈ চৰ্চিত হৈ থকাৰ সময়তে বলীউডৰ অভিনেতা ৰণদ্বীপ হুডায়ো দিহিং পাটকাই বৰ্ষাৰণ্য় খনৰ সংৰক্ষণৰ বাবে মাত মাতি এক টুইট প্ৰদান কৰে ।

অভিনেতাগৰাকীয়ে টুইটত উল্লেখ কৰে- দিহিং পাটকাই অভয়াৰণ্য পূৱ আমাজন হিচাপে খ্যাত । ইয়াতে হাতী-মেকুৰী-ভালুক-অসম প্ৰসিদ্ধ বান্দৰ (macaque) পৰ্যন্ত সকলো পোৱা যায় । য'ত এতিয়া চৰকাৰে খননৰ অনুমতি প্ৰদান কৰিছে । আমি পুনৰ এবাৰ #COVID-১৯ বিচাৰিছো নেকি । #জৈৱ বৈচিত্ৰৰ বাবে কিমান গুৰুত্বপূৰ্ণ তাক অনুধাৱন কৰাৰ প্ৰয়োজন । এইয়া খননৰ বিৰুদ্ধে মোৰ এক আবেদন ।

উল্লেখ্য় যে, যোৱা ৭ এপ্ৰিলত দেশৰ ১১ খন ৰাজ্য়ৰ লগতে অসমৰ দিহিং পাটকাই অঞ্চলত কয়লাৰ সন্ধান কৰিবলৈ ক'ল ইণ্ডিয়াক অনুমতি প্ৰদান কৰিছিল কেন্দ্ৰীয় বনমন্ত্ৰীয়ে । ইয়াৰ পাচতেই এই সিদ্ধান্তক লৈ বহু প্ৰকৃতি প্ৰেমী ৰাইজ জাঙুৰ খাই উঠিল । আনহাতে ছ'চিয়েল মিডিয়াতো এই সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰি বিভিন্ন জনে #SAVE DEHING PATKAI, SAVE NATURE, #দিহিং-পাটকাই প্ৰচাৰ অভিযান আৰম্ভ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.