ETV Bharat / sitara

জন্মদিন বিশেষঃ 'বুম'ৰ পৰা 'ভাৰত'লৈকে সহজ নাছিল কেটৰিণাৰ যাত্ৰা

37বছৰীয়া হ'ল বলীউডৰ আগশাৰীৰ অভিনেত্ৰী কেটৰিণা কাঈফ ৷ আহক চোন চাও, তেওঁৰ জন্মদিন বিশেষ প্ৰতিবেদনঃ

Birthday special: Katrina Kaif turns 37, a look back at her journey so far
জন্মদিন বিশেষঃ বুমৰ পৰা ভাৰতলৈ সহজ নাছিল কেটৰিণাৰ যাত্ৰা
author img

By

Published : Jul 16, 2020, 5:33 PM IST

Updated : Jul 16, 2020, 7:49 PM IST

চিটাৰা ডেস্ক,16 জুলাইঃ চিক্​নী চামেলী,ছিলা আদি নামেৰে অভিহিত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিণা কাঈফে 2003 চনত বুম নামৰ ডাৰ্ক কমেডী ছবিৰ জৰিয়তে ভৰি থৈছিল বলীউড জগতত ৷ এই ছবিখনত শেষৰ মূহুৰ্তত মডেল মেঘনা ৰেড্ডীৰ সলনি তেওঁক কাষ্ট কৰা হৈছিল ৷ যদিও কেটৰিণাৰ প্ৰথম ছবিখনে বক্স অফিচত যথেষ্ট সফলতা বুটলিবলৈ সক্ষম হোৱা নাছিল কিন্তু এই ছবিখনেই নিশ্চিত ৰূপত বলীউডক দিলে এগৰাকী ব্ৰিটিছ বিউটী ৷

জন্মদিন বিশেষঃ বুমৰ পৰা ভাৰতলৈ সহজ নাছিল কেটৰিণাৰ যাত্ৰা

কেটৰিণাই 2005 চনত অহা ছবি মেনে প্যাৰ কিউ কিয়াৰ জৰিয়তে বলীউড ইণ্ডাষ্ট্ৰীত নিজৰ এটা পৰিচয় গঢ়িবলৈ সক্ষম হয় ৷

2006 চনত অভিনেত্ৰী গৰাকীয়ে হামকো দিৱানা কৰ গয়ে ছবিখনত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিছিল ৷ 2007 চনত বেক টু বেক যথেষ্ট ছবি সফল ছবিলৈ আহে অভিনেত্ৰীগৰাকীয়ে ,এই সফলতাই তেওঁক দিয়ে এক টাৰ্নিং পইন্ট৷

কেটৰিণাক নমস্তে লণ্ডন, অপনে,পাৰ্টনাৰ, ৱেলকামৰ দৰে জনপ্ৰিয় ছবিত দেখিবলৈ পোৱা গৈছিল ৷ এই সকলো ছবিয়ে বক্স অফিচত ধামাকৰা সৃষ্টি কৰিছিল আৰু তাৰ পিছৰ পৰা অভিনেত্ৰী গৰাকীয়ে আৰু পিছলৈ ঘূৰি চোৱাৰ প্ৰয়োজন হোৱা নাই ৷এনেদেৰে ক্ৰমাণ্বয়ে কেটৰিণা প্ৰায় সকলো ছবি নিৰ্মাতাৰ পচন্দ হৈ পৰিল ৷

এগৰাকী আউটচাইডাৰ ,কোনোধৰণৰ বলীউডৰ লগত পূৰ্বতে সংযোগ নথকা কেটৰিণাই নিজৰ প্ৰতিভাৰ জৰিয়তে খোপনি পুতিলে বলীউড ইণ্ডাষ্ট্ৰীত ৷ জিন্দেগী না মিলেগী দৌবাৰা, এক থা টাইগাৰ ,জব তক হে জা, ধুম থ্ৰী আৰু টাইগাৰ জিন্দা হেৰ দৰে ছবিত দুৰ্দান্ত অভিনয় কৰি অভিনেত্ৰীগৰাকীয়ে বলীউডৰ মুখ্য অভিনেত্ৰীৰ তালিকাখনত নিজৰ নামত আগশাৰীত ৰাখিছে ৷

অৱশ্যে কেটৰিণাৰ ফেনটম, ফিতুৰ, জাগা জাচুচৰ দৰে ফ্লপ ছবিয়ে তেওঁক নিৰাশ কৰি তুলিছিল ৷ তিনিবছৰ অসফলতাৰ পিছত 2017চনত ৰিলিজ হোৱা টাইগাৰ জিন্দা হে ছবিৰ সফলতাই তেওঁক আনন্দিত কৰিছিল ৷ দুৰ্ভাগ্যবশতঃ 2018চনত থাগছ অফ হিন্দুস্তান আৰু জিৰ'ৰ দৰে অসফল ছবিয়ে তেওঁক পুনৰ নিৰাশ কৰি তুলিছিল ৷2019 চনত মুক্তি পাইছিল কেটৰিণাৰ ভাৰত ছবিয়ে ৷ এই ছবিখনে আশাপ্ৰদ ফল দেখুৱাবলৈ সক্ষম হোৱা নাছিল ৷

কেটৰিণা কেৱল সুন্দৰতাৰ উদাহৰণে নহয় ,ইয়াৰোপৰি তেওঁৰ মাজত আছে সকলোৰে হৃদয় জয় কৰিব পৰা নৃত্যশৈলী ৷ কেটৰিণাৰ আকৰ্ষণীয় নৃত্যৰ দেখিলে আনেও নৃত্য কৰাৰ উৎসাহ লাভ কৰে ৷ এই ধাৰা আৰম্ভ হৈছিল কেটৰিণাৰ টাচ মি টাচ মি গীতৰ জৰিয়তে ৷ ইয়াৰ পিছত ছিলা কি জাৱানী, চিক্​নী চামেলী,ইচক চাৱা আৰু কমলীত কৰা নৃত্যৰ জৰিয়তে সকলোৰে হৃদয়ত ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল ৷ অতি শীঘ্ৰেই কেটৰিণাক অক্ষয় কুমাৰৰ সৈতে দেখিবলৈ পাব ৰবি চেত্ৰীৰ একচন ড্ৰামা Sooryvanshiত ৷ ইয়াৰোপৰি আগন্তুক দিনত আলী আব্বাছ জাফৰৰ ছবিতো অভিনয় কৰা দেখিবলৈ পাব কেটৰিণা কাঈফক ৷ ইমান বছৰ ভাষা আৰু অভিনয় কৌশলৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ এইদৰে তেওঁ বলীউডত নিজৰ কষ্টৰ জৰিয়তে এগৰাকী শীৰ্ষ অভিনেত্ৰীৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷

অভিনেত্ৰী গৰাকীৰ 37 বছৰীয়া জন্মদিনটোত ইটিভি ভাৰতৰ তৰফৰ পৰা জনালো জন্মদিনৰ অলেখ শুভকামনা ,আশা ৰাখিছো অনাগত সময়খিনিতো সফলতাৰ শিখৰলৈ গতি কৰি থাকিব অভিনেত্ৰী গৰাকী ৷

লগতে পঢ়কঃ50 মিলিয়ন হ'ল শ্ৰদ্ধাৰ ইনষ্টা অনুৰাগী,ধন্যবাদ জনালে তিনিটাকৈ ভাষাত

Last Updated : Jul 16, 2020, 7:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.