চিটাৰা ডেস্ক, 23 ফ্ৰেব্ৰুৱাৰী: নাগৰাজ মঞ্জুলৰ নিৰ্দেশনাত আহিবলগীয়া ছবি ঝুণ্ডৰ ট্ৰেইলাৰ মুকলি হ’ল বুধবাৰে ৷ ছবিখনত অমিতাভ বচ্চন, আকাশ তোছাৰ আৰু ৰিংকু ৰাজগুৰুৱে অভিনয় কৰিছে ৷
অমিতাভ বচ্চনে ছবিখনত এজন প্ৰফেচাৰৰ চৰিত্ৰত অভিনয় কৰিছে (Amitabh Bachchan Jhund trailer) ৷ তেওঁ ৰূপায়ন কৰা চৰিত্ৰটোৱে বাটে ঘাটে অনাই বনাই ঘূৰি ফুৰা কেইটামান ল’ৰাক ফুটবল খেলাৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ লগতে এটা ফুটবল টীম গঠন কৰিবলৈ উৎসাহ দিয়ে ৷
- " class="align-text-top noRightClick twitterSection" data="">
ছবিখনত বিপথে পৰিচালিত হৈ থকা প্ৰতিভাশালী ল’ৰা কেইটামানক (Big B Jhund trailer) কি দৰে এগৰাকী অৱসৰ প্ৰাপ্ত অধ্যাপকে সঠিক পথলৈ আনে সেইয়াই হৈছে মুখ্য বিষয়বস্তু ৷
2018 চনতেই আৰম্ভ হৈছিল ছবিখনৰ শ্বুটিং ৷ বিজয় বাৰ্ছে, স্লাম এৰিয়াৰ এজন ফুটবল খেলুৱৈৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন ৷ 2019 বৰ্ষৰ 31 আগষ্টত ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম সমাপ্ত হৈছিল ৷
লগতে পঢ়ক: প্ৰভাসৰ ৰাধে শ্যামত সূত্ৰধাৰৰ ভূমিকাত বিগ বি