চিটাৰা ডেস্ক, ২৮ জুন : অভিনয় জীৱনৰ পাতনি মেলিবলৈ সাজু হৈছে প্ৰয়াত অভিনেতা ইৰফান খান (Irrfan Khan)ৰ জ্যেষ্ঠ পুত্ৰ বাবিল খানে (Babil Khan) । অভিনয়ত মনোনিবেশ কৰাৰ বাবে ছবি নিৰ্মাণৰ পাঠ্যক্ৰম আধাতে সামৰাৰ সিদ্ধান্ত লৈছে বাবিলে । তেওঁ লণ্ডনত ছবি নিৰ্মাণৰ পাঠ্যক্ৰম অধ্যয়ন কৰি আছিল । নেটফ্লিক্সত মুক্তি পাবলগীয়া অনুষ্কা শৰ্মাৰ আগন্তুক ছিৰিজৰ জৰিয়তে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিব বাবিল খানে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ছিৰিজটোত বাবিলৰ বিপৰীতে অভিনয় কৰিব তৃপ্তি দিমৰীয়ে । সোমবাৰে পুৱা বাবিলে ইনষ্টাগ্ৰাম পোষ্টযোগে অভিনয় জগতত খোজ পেলোৱা আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰাৰ কথা জানিবলৈ দিয়ে । বাবিলে দুখন ফটোৰ এখন কলাজ শ্বেয়াৰ কৰিছে । য'ত তেওঁক কান্ধত কেমেৰালৈ দৃশ্যগ্ৰহণত ব্যস্ত হৈ থকা দেখা গৈছে আৰু আনখন ফটোত আকৰ্ষণীয় ভংগীমাত দেখা গৈছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
উচ্চাকাংক্ষী অভিনেতাজনে লণ্ডনৰ ৱেষ্টমিনষ্টাৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত তেওঁৰ বন্ধুসকলক সুঁৱৰি আবেগিক পোষ্ট লিখিছে ।
মুম্বাইত তেওঁৰ খুব কম বন্ধু আছে বুলিও বাবিলে পোষ্টটোত শ্বেয়াৰ কৰিছে । ছবি নিৰ্মাণৰ স্নাতক পাঠ্যক্ৰম অসম্পূৰ্ণ কৰি বাবিলে পোষ্টটোত লিখিছে যে, লণ্ডনত থকা তেওঁৰ বন্ধুসকলক তেওঁ মনত পেলাব । তেওঁ কয় যে, মুম্বাইত তেওঁৰ ২-৩ জন বন্ধুহে আছে । লগতে তেওঁ বিশ্ববিদ্যালয়ত লগ পোৱা বন্ধুসকলক ধন্যবাদো জ্ঞান কৰে ।
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে, বাবিলে পৰিচালক শুজিত চিৰকাৰৰ সৈতে তেওঁৰ পৰৱৰ্তী প্ৰজেক্টৰ কামো আৰম্ভ কৰিছে । এতিয়ালৈকে ছবিখনৰ শিৰোনাম নিশ্চিত কৰা হোৱা নাই । ছবিখনত পৰিচালক মনচুৰ খান (Mansoor Khan)ৰ কন্যা জাইন খানেও অভিনয় কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
ইফালে, নিজৰ সিদ্ধান্তক লৈ সুখী বাবিল খান ৷ অভিনেতা হিচাপে তেওঁ বলীউডত নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰিব বুলি তেওঁ আশাবাদী । আনহাতে, বাবিলৰ মাতৃ অৰ্থাৎ সুতাপা ছিকদাৰেও পুত্ৰৰ সিদ্ধান্তৰ বিপৰীতে এতিয়ালৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই । পিতৃ ইৰফান খানৰ দৰেই অভিনয় জগতত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সিদ্ধান্ত লৈছে বাবিল খানে ।
লগতে পঢ়ক:ভ্ৰাম্যমাণ থিয়েটাৰক লৈ আশাবাদী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ