চিটাৰা ডেস্ক, 3 নৱেম্বৰ: অভিনেতা আয়ুষ্মান খুৰানা সম্প্ৰতি ব্যস্ত তেওঁৰ পৰৱৰ্তী ছবি ছণ্ডিগড় কৰে আশ্বীকিৰ দৃশ্যগ্ৰহণত ৷ যাৰ দৃশ্যগ্ৰহণ চলি আছে তেওঁৰ গৃহ চহৰ ছণ্ডিগড়ত ৷ কিন্তু তৎসত্বেও তেওঁ থকা নাই নিজৰ বাসগৃহত ৷ এই সম্পৰ্কে অভিনেতা গৰাকীয়ে কয় যে, কৰ'ণা ভাইৰাছৰ বাবে তেওঁ নিজৰ বাসগৃহত থকা নাই গৃহ চহৰত দৃশ্যগ্ৰহণ চলি থকা স্বত্বেও ৷
- " class="align-text-top noRightClick twitterSection" data="
">
অভিষেক কাপুৰৰ নিৰ্দেশনাত নিৰ্মিত ছবিখনত খুৰানাৰ বিপৰীতে অভিনয় কৰিছে অভিনেত্ৰী বাণী কাপুৰে ৷ নিজৰ পৰিয়ালৰ সদস্যক এই মহামাৰীৰ কবলত পৰিব পৰা যিকোনো সুযোগক প্ৰতিহত কৰিবলৈ তেওঁ এখন হোটেলতে থাকি দৃশ্যগ্ৰহণত নিজকে ব্যস্ত ৰাখিছে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
"মই এই মহামাৰীৰ ক্ষেত্ৰত অতি সাৱধানতা অৱলম্বন কৰিছো ৷ এই ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ আৰু নিজৰ পৰিয়ালকো ৰক্ষা কৰিবৰ বাবে মই পাৰ্যমানে পদক্ষেপ গ্ৰহণ কৰিছো ৷ মোৰ বাবে মোৰ পত্নী আৰু দুই সন্তানলৈ যাতে কেতিয়াও বিপদ নামি নাহে ৷ মোৰ কাম-কাজ আৰম্ভ হোৱাৰ সমান্তৰালকৈ ছণ্ডিগড়ত থকা মোৰ পিতৃ-মাতৃও সকলো সময়তে নিৰাপদ হৈ থকাটো উচিত ৷ যদিও মই মোৰ কাম পুনৰাই আৰম্ভ কৰিছো এই ক্ষেত্ৰত সদায় মোৰ পৰিয়ালক সুৰক্ষা প্ৰদান কৰিব বিচাৰো ৷" এনেদৰে উল্লেখ কৰে অভিনেতা গৰাকীয়ে ৷
লগতে পঢ়ক: মুলাপল্লী ৰামাচন্দ্ৰনক তীব্ৰ সমালোচনা গায়িকা সোণা মহাপাত্ৰৰ