চিটাৰা ডেস্ক,12 নৱেম্বৰ : অভিনেতা অৰ্জুন ৰামপালৰ প্ৰেমিকা গেব্ৰিয়েল্লা ডেমেট্ৰাইয়াছে বৃহস্পতিবাৰে দ্বিতীয় দিনৰ বাবে নাৰ্কোটিকছ ব্যুৰ’ৰ কাৰ্যালয়ত উপস্থিত হয় ৷ ড্ৰাগছ ব্যৱহাৰৰ সন্দেহত গেব্ৰিয়েল্লাক জেৰা কৰা বুলি এনচিবি কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷
বুধবাৰে প্ৰায় 6 ঘণ্টা ধৰি গেব্ৰিয়েল্লাক জেৰা কৰিছিল এনচিবিয়ে ৷ দ্বিতীয়বাৰৰ বাবে সোধ-পোচ কৰিবলৈ এনচিবিয়ে দক্ষিণ মুম্বাইৰ বালাৰ্ড ইষ্টেটস্থিত কাৰ্যালয়ত জেৰা কৰে অৰ্জুন ৰামপালৰ প্ৰেমিকাক ৷
ইয়াৰ পূৰ্বে সোমবাৰে এনচিবিয়ে অৰ্জুন ৰামপালৰ বাসগৃহত ড্ৰাগছ সন্দৰ্ভত তালাচী অভিযান চলাইছিল ৷ এই অভিযানৰ সময়ত তদন্তকাৰী সংস্থাই লেপটপ, মোবাইল ফোন আৰু কিছু বৈদ্যুতিক সামগ্ৰী জব্দ কৰে ৷
ৰামপালৰ বাসগৃহত তালাচী চলোৱাৰ এদিন পূৰ্বে এনচিবিয়ে ছবি নিৰ্মাতা ফিৰোজ নাডিয়াৱালাৰ পত্নীক আটক কৰিছিল ৷ জুহুস্থিত নাডিয়াৱালাৰ বাসগৃহত গাঞ্জা উদ্ধাৰ কৰাৰ পাচতেই পত্নীক আটক কৰে তদন্তকাৰী সংস্থাটোৱে ৷
ইফালে এমাহ পূৰ্বে গেব্ৰিয়েল্লাৰ ভাতৃ এগিছিলাঅ’ছ ডেমেট্ৰাইয়াছক এনচিবিয়ে পুণেৰ লোনাৱালাৰ পৰা ড্ৰাগছ ব্যৱহাৰৰ সন্দেহত আটক কৰিছিল ৷
লগতে পঢ়ক : বলিউডৰ খেল বিষয়ক ছবিসমূহত বিভিন্ন অভিনেতা-অভিনেত্ৰীৰ ভুমিকা