চিটাৰা ডেস্ক, 12 জানুৱাৰী: চাৰিবছৰীয়া প্ৰেমৰ সম্পৰ্কৰ অৱসান ঘটাই এতিয়া বাতৰিৰ শিৰোনাম দখল কৰিছে অৰ্জুন-মালাইকাই ৷ অলপতে মালদ্বীপত এটি সপ্তাহৰ Romantic Holiday কটাই অহাৰ পিছৰে পৰাই লগ কৰা নাই ইজনে সিজনক ৷
অৰ্জুন-মালাইকাৰ Relationship বলীউডত সদায়ে চৰ্চিত ৷ আনকি দুয়োয়ে নিজৰ Relationship Status Official কৰাৰ পূৰ্বেই তেওঁলোকৰ সম্পৰ্কৰ কথা ধৰা পেলাইছিল অনুৰাগীয়ে ৷ কথাতে কয় নহয় বোলে প্ৰেম, পেট আৰু প্ৰতিভা লুকাই নাথাকে ৷
প্ৰাপ্ত খবৰ অনুসৰি, বিগত ছয়দিনে ঘৰৰ বাহিৰ হোৱা নাই মালাইকা ৷ আনহাতে ক’ভিড-19 ত আক্ৰান্ত হৈ থকা অৰ্জুনো আছে Home Isolation ত ৷ অৱশ্যে দুয়োৰে ব্ৰেকআপৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ৷
India’s Best Dancer 2 ৰ Grand Finale ৰ শ্বুটিঙলৈকো যোৱা নাই মালাইকা ৷ শ্বুটিঙৰ পৰা আঁতৰি থকাটোৱে দুয়োৰে ব্ৰেকআপৰ খবৰত যোগাইছে অধিক ইন্ধন ৷
লগতে পঢ়ক : Bigg Boss 15 ৰ পৰা ভাতৃ উমৰ বাহিৰ হোৱাত অসীমৰ প্ৰতিক্ৰিয়া