চিটাৰা ডেস্ক,৭ এপ্ৰিল: বিৰাট কোহলী-অনুস্কা শৰ্মাৰ ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এক ভিডিঅ' শ্বেয়াৰ কৰিছে । বুধবাৰে শ্বেয়াৰ কৰা ভিডিঅ’টোত অনুস্কাই বিৰাট কোহলীক দাঙি ধৰা পৰিলক্ষিত হৈছে । বিশ্ব স্বাস্থ্য দিৱসৰ দিনা এই ভিডিঅ' শ্বেয়াৰ কৰে অভিনেত্ৰী তথা বিৰাট পত্নী অনুস্কাই । উল্লেখ্য যে, প্ৰতি বছৰে ৭ এপ্ৰিলৰ দিনটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয় । ১৯৪৮ চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হৈছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
এক দীঘলীয়া বিৰতিৰ অন্তত অনুস্কাই পুনৰ কৰ্মৰ দিশে উভতিছে । শেহতীয়াকৈ এক দৃশ্যগ্ৰহণৰ বাবে গ্ৰীণৰুমত ৰূপসজ্জা কৰাৰো এক ফটো শ্বেয়াৰ কৰিছে । সম্প্ৰতি দুখনকৈ ছবিৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে অনুস্কাই । নৱদ্বীপ সিঙৰ পৰিচালিত ছবি কানেডা আৰু ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ জীৱনীমূলক ছবিৰ বাবে প্ৰস্তুতি চলাইছে অভিনেত্ৰী গৰাকীয়ে । অনুস্কাক অন্তিমবাৰৰ বাবে ২০১৮ চনত 'জিৰ' ত দেখা পোৱা গৈছিল । এই ছবিখনত অনুস্কাৰ উপৰিও শ্বাহৰুখ খান আৰু কেটৰিণা কাঈফেও অভিনয় কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়ক: সুশান্ত সিং ৰাজপুতৰ ওপৰত ছবি নিৰ্মান কৰিব ৰাম গোপাল বাৰ্মাই