চিটাৰা ডেস্ক,২০ এপ্ৰিল: শেহতীয়াকৈ বলীউডৰ প্ৰবীণ অভিনেতা অনুপম খেৰে ব্ৰিটিছ একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছন আৰ্টছৰ ব্ৰেকথ্ৰ' ইণ্ডিয়াৰ বিচাৰক হিচাপে যোগদান কৰে । লগতে গ্ৰেমী বঁটা বিজয়ী সংগীত শিল্পী এ আৰ ৰহমানক বাফটাৰ এম্বেচাদৰ হিচাপে নিযুক্তি দিয়া হৈছে । ভাৰতীয় ছবি আৰু দুৰদৰ্শন প্ৰতিষ্ঠানৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে সোমবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে এই কথা প্ৰকাশ কৰে ।
তেওঁ কয় যে, বাফটা ব্ৰেকথ্ৰ' ইণ্ডিয়াৰ অংশ হ'বলৈ পাই তেওঁ আনন্দিত । খেৰে শ্বেয়াৰ কৰা পোষ্টটোত সকলো বিচাৰকক দেখা গৈছে । ছবি নিৰ্মাতা লেখক সোণালী বসু, প্ৰযোজক সিদ্ধাৰ্থ ৰয় কাপুৰ, প্ৰাক্তন বাফটা ব্ৰেকথ্ৰ' আৰু গেমছৰ প্ৰযোজক চাৰু দেছডট, বাফটা চেয়াৰ আৰু টিভি প্ৰযোজক কৃষ্ণেন্দু মজুমদাৰ, ভিপি, কণ্টেণ্ট, নেটফ্লিক্স ইণ্ডিয়াৰ মনিকা শ্বেৰগিলক দেখা পোৱা গৈছে ।
বাফটা ব্ৰেকথ্ৰ' ইণ্ডিয়াই ভাৰতত আগমনৰ দিশ চিহ্নিত কৰে । প্ৰথমবাৰৰ বাবে, নেটফ্লিক্সৰ সমৰ্থনত এই পদক্ষেপ গ্ৰহণ কৰাৰ উদ্দেশ্য হৈছে ভাৰতত ছবি, গেম অথবা টেলিভিছনত কাম কৰা পাঁচজন ব্যতিক্ৰমী প্ৰতিভা সম্পন্ন ব্যক্তিক চিনাক্ত কৰা আৰু সমৰ্থন কৰা ।
বিচাৰকে বাছনি কৰা বিজয়ীসকলে ব্ৰিটিছ সৃষ্টিশীল উদ্যোগৰে সম্পৰ্কিত বাফটাৰ এক বছৰজোৰা কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব । ব্ৰিটিছ সহ প্ৰতিযোগীসকলৰ সৈতে দক্ষতা প্ৰদৰ্শন কৰাৰ বাবে বিশেষজ্ঞসকলৰ পৰা শিকাৰ সুযোগ লাভ কৰিব । বাফটাৰ তৰফৰ পৰা জনোৱা মতে, সন্মানিত লোকসকলৰ চূড়ান্ত তালিকা চলিত বৰ্ষৰ মে' মাহৰ আৰম্ভণিতে ঘোষণা কৰা হ'ব ।
লগতে পঢ়ক: ডাঃ ভূমিধৰ বৰ্মনলৈ শেষ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ