ETV Bharat / sitara

সুশান্তই EMI দিয়াৰ অভিযোগ নাকচ কৰি অংকিতাই দেখুৱালে বেংক ষ্টেটমেণ্ট - জেৰা

অলপতে মৃত্যুবৰণ কৰা অভিনেতা সুশান্ত সিং ৰাজপুতে পূৰ্বৰ প্ৰেয়সী অংকিতা লোখাণ্ডেক ৪.৫ কোটিটকীয়া ফ্লেটটোৰ কিস্তি দি অহাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে এয়া সম্পূৰ্ণ ভিত্তিহীন আখ্যা দিলে অংকিতাই । তেওঁৰ ওপৰত উত্থাপিত অভিযোগক অস্বিকাৰ কৰি শুক্ৰবাৰে মাজনিশা অংকিতাই কৰিলে এটা টুইট ।

Ankita debunks reports claiming Sushant paid her EMI, shares bank statements
সুশান্তই EMI দিয়াৰ অভিযোগ নাকচ কৰি অংকিতাই দেখুৱালে বেংক ষ্টেটমেণ্ট
author img

By

Published : Aug 15, 2020, 6:15 PM IST

নিউজ ডেস্ক,১৫ আগষ্ট: সুশান্ত সিং ৰাজপুতে পূৰ্বৰ প্ৰেয়সী অংকিতা লোখাণ্ডেক তেওঁ ক্ৰয় কৰা ৪.৫ কোটিটকীয়া ফ্লেটটোৰ কিস্তি দি অহাৰ অভিযোগ উত্থাপিত হৈ থকাৰ সময়তে ছ'চিয়েল মেডিয়াত বেংকৰ ষ্টেটমেণ্ট সংলগ্ন কৰি এটা প'ষ্ট শ্বেয়াৰ কৰিলে অংকিতাই ।

এটা ৱেবলইড প্ৰতিবেদনত সদ্য প্ৰয়াত সুশান্ত সিং ৰাজপুতে তেওঁৰ পূৰ্বৰ প্ৰেয়সী অংকিতাই মালাদত ক্ৰয় কৰা ৪.৫ কোটিটকীয়া ফ্লেটটোৰ কিস্তি পৰিশোধ কৰি আহিছিল বুলি এক অভিযোগ উত্থাপন কৰিছিল । প্ৰতিবেদনটোত উল্লেখ মতে এই তথ্য এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ বিশেষ সূত্ৰৰ পৰা সংগ্ৰহ কৰা হৈছে ।

শুক্ৰবাৰে বিয়লি এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ কিছু সময় পিছতে অংকিতাই অভিযোগটোক খণ্ডনৰে কৰিলে এটা টুইট ।

'ইয়াত মই সকলো তুলি ধৰি যিমান পাৰো পৰিস্কাৰ হ'ব বিছাৰো । ইয়াত মোৰ ফ্লেটৰ পঞ্জীয়ন আৰু লগতে ১জানুৱাৰী ২০১৯ৰ পৰা ধৰি ১মাৰ্চ ২০২০ লৈ বেংকৰ ষ্টেটমেণ্ট তুলি ধৰিলো য'ত কিস্তিৰ ধন পৰিশোধৰ সবিশেষ তুলি ধৰা হৈছে । ইয়াত মোৰ আৰু ক'ব লগীয়া একো নাই ।' শনিবাৰে অংকিতাই তেওঁৰ বেংকৰ সবিশেষ তুলি বেংক ষ্টেটমেণ্টেৰ কপি সমূহ নিজৰ টুইটাৰ একাউণ্টত এনেদৰে কৰিলে শ্বেয়াৰ ।

ইফালে ইডিয়ে প্ৰয়াত অভিনেতা সুশান্তৰ ধনৰ হৰলুকি প্ৰসংগত অভিনেতা গৰাকীৰ ঘৰত কাম কৰাকে ধৰি ব্যক্তিগত কৰ্মচাৰী সকলক জেৰা কৰা পৰিলক্ষিত হৈছে । ইডিৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে, অভিনেতা গৰাকীৰ ধনৰ হৰলুকিৰ প্ৰসংগত PMLA, 2002 ধাৰাৰ অধীনত পংকজ ডুৱে, ৰজত মেৱাটি আৰু দিপেশ সাৱন্তৰ বক্তব্য ৰেকৰ্ড কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.